গোৰেশ্বৰত লাইফ ফৰ ৰিলিফ এণ্ড ডেভেলপমেন্ট, এনজিঅৰ প্ৰশংসনীয় পদক্ষেপ!

নিউজনেষ্ট,১৮ মাৰ্চ ২০২৩,নিউজডেস্কঃ গোৰেশ্বৰত লাইফ ফৰ ৰিলিফ এণ্ড ডেভেলপমেন্ট, এনজিঅৰ প্ৰশংসনীয় পদক্ষেপ।

শতাধিক দুখীয়া দৰিদ্ৰ লোকক বস্ত্ৰ বিতৰণ কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছে লাইফ ফৰ ৰিলিফ এণ্ড ডেভেলপমেন্ট এন,জি অ’ৰ সদস্যসকলে।

বাক্সা জিলাৰ গোৰেশ্বৰৰ ভোগপুৰৰ গোৰেশ্বৰ হাইস্কুল খেলপথাৰত আজি এক বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন লাইফ ফৰ ৰিলিফ এণ্ড ডেভেলপমেন্ট এন জি অ ৰ উদ্যোগত অঞ্চলটোৰ শতাধিক দৰিদ্ৰ লোকক পিন্ধা কাপোৰ বিতৰণ কৰা হয়। বস্ত্ৰ বিতৰণ উপলক্ষে দিনৰ ৩ বজাত এখন সভা ও অনুষ্ঠিত হয়।সভাত এন জি অ টোৰ সদস্য চৰিফ হুছেইনে সভাপতিত্বত কৰাৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

বিভিন্ন সমস্যাৰে জৰ্জৰিত গোৰেশ্বৰৰ লগতে বিভিন্ন অঞ্চলত বিভিন্ন ধৰণেৰে সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যৰে গোৰেশ্বৰৰ‌ ভোগপুৰত জন্মগ্ৰহণ কৰা এন জি অ’টোৰ এনেধৰণৰ কাৰ্যক অঞ্চলটোৰ লোকে শলাগ লৈছে। আনহাতে ভৱিষ্যতে এই এন জি অ ৰ দ্বাৰা এনেধৰণৰ কাম কৰি যাব বুলি সঞ্চালকে জানিবলৈ দিয়ে।

এনেধৰণৰ আন বাতৰিসমূহ