গোৰেশ্বৰৰ সাহসী তথা এগৰাকী ব্যাতিক্ৰমী ব্যক্তি প্ৰমোদ কলিতাৰ দুঃসাহসিক পদক্ষেপ।

গোৰেশ্বৰৰ পৰা চাইকেল আৰু খোজকাঢ়ি যাত্ৰা কৈলাশ পৰ্বতলৈ।

নিউজনেষ্ট ২৭ মাৰ্চ ২০২৩ : বাক্সা জিলাৰ গোৰেশ্বৰ মহৰিপাৰাৰ নিবাসী প্ৰমোদ কলিতাই গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। বয়সে হাৰ নমনা প্ৰায় ৬০ বছৰ গৰকা প্ৰমোদ কলিতাৰ এই দুঃসাহসিক পদক্ষেপক অঞ্চলবাসীয়ে জনালে অভিনন্দন আৰু শুভেচ্ছা। চাইকেল আৰু খোজ কাঢ়ি যাত্ৰা কৰিব কৈলাশ পৰ্বতলৈ। প্ৰত্নতত্ত্ব বিভাগৰ এগৰাকী অস্থায়ী কৰ্মচাৰী হিচাপে প্ৰায় ৪৫ বছৰ কাৰ্মৰত হৈ থকা প্ৰমোদ কলিতাই গোৰেশ্বৰৰ পৰা সুদূৰ কৈলাশলৈ চাইকেলেৰে আজি ২৭ মাৰ্চত পূৱা ৯ বজাত গোৰেশ্বৰৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰ প্ৰাঙ্গনৰ পৰা আৰম্ভ কৰে এই দুঃসাহসিক যাত্ৰা। বিশ্ববাসীৰ মংগল কামনা আৰু শান্তি সম্প্ৰীতিৰ উদ্দেশ্যে আগত লৈ যাত্ৰা আৰম্ভ কৰা প্ৰমোদ কলিতাই অসমবাসীৰ আশীৰ্বাদ কামনা কৰিছে।আজি পূৱাই গোৰেশ্বৰৰ বিভিন্ন দল সংগঠন তথা শুভকাংক্ষীয়ে গামোছাৰে সম্ভাষন জনাই এটি বিহু দলৰে বিদায়ী সম্ভাষন জনাই। উল্লেখ্য যে তেওঁৰ যাত্ৰাত গুৱাহাটীৰ শুক্লেশ্বৰ মন্দিৰৰ একাংশ ভক্তই চাইকেলৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছে বুলি জানিবলৈ দিয়ে।

এনেধৰণৰ আন বাতৰিসমূহ