চাপৰত দেশী জনগোষ্ঠী মঞ্চ অসমৰ সভাপতি শ্বেখ হেদায়ৎ উল্লাহৰ সংবাদ মেল!

নিউজনেষ্ট,১৭জুলাই, নিউজডেস্ক : চাপৰত দেশী জনগোষ্ঠী মঞ্চ অসমৰ সভাপতি শ্বেখ হেদায়ৎউল্লাহৰ সংবাদ মেল। গৌৰীপুৰৰ আলমগঞ্জত ভাৰতীয় জনতা মজদুৰ সংঘৰ কাৰ্ড বনাই দিয়াৰ নামত মহিলাৰ পৰা দেশী জনগোষ্ঠী মজদুৰ সংঘৰ সভাপতি হেদায়ত উল্লাহ সেখে মহিলাৰ পৰা ২০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। কিন্তু সেই ঘটনাক কেন্দ্ৰ কৰি দেশী জনগোষ্ঠী মঞ্চ অসমৰ সভাপতি শ্বেখ হেদায়ৎউল্লাহক জন মানসত হেও প্ৰতিপন্ন কৰিবলৈ একাংশ ব্যক্তিয়ে নামৰ মিল থকাৰ সুযোগ লৈ শ্বেখ হেদায়ৎউল্লাহৰ বিৰুদ্ধে অপপ্ৰচাৰৰ কৰিছে। উক্ত কাণ্ডক গৰিহণা দিয়ে সভাপতি গৰাকীয়ে। শ্বেখ হেদায়ৎউল্লাহ কয় যে দূৰ্ভাগ্যবশত দেশী জনগোষ্ঠী মজদুৰ সংঘৰ সভাপতি হেদায়ত উল্লাহ সেখ আৰু দেশী জনগোষ্ঠী মঞ্চ অসমৰ সভাপতি শ্বেখ হেদায়ৎউল্লাহৰ নামৰ মিল থকাৰ বাবে এই প্ৰচাৰ চলোৱা হৈছে। কিন্তু দেশী জনগোষ্ঠীয় মঞ্চ, অসম আৰু দেশী জনগোষ্ঠী মজদুৰ সংঘ দুটা সম্পূৰ্ণ পৃথক সংগঠন আৰু দুয়োজন সভাপতি পৃথক মানুহ। দেশী জনগোষ্ঠী মঞ্চ অসমৰ লগত দেশী জনগোষ্ঠী মজদুৰ সংঘৰ কোনো সম্পৰ্ক নাই। সামাজিক মাধ্যমত শ্বেখ হেদায়ৎউল্লাহৰ ফটো লগাই বাতৰি সম্প্ৰচাৰণ হোৱাত তীব্ৰ ক্ষোভ উজাৰি কয় যদি তথ্য আছে তেনেহলে ৰাজহুৱা কৰক, প্ৰমাণ কৰিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰিব। ২৪ ঘন্টাৰ সময় সীমা বান্ধি দি কয় যে যদি প্ৰমাণ কৰিব নোৱাৰে তেনেহলে সভাপতি গৰাকীয়ে আইনৰ আশ্ৰয় লব বুলি জানিবলৈ দিয়ে।

এনেধৰণৰ আন বাতৰিসমূহ