চাপৰৰ ফলিমাৰীত কাঠফলা মিল আৰু মূল্যবান কাঠৰ কুণ্ডা জব্দ বন বিভাগৰ!

নিউজনেষ্ট,১২ মাৰ্চ ২০২৩,নিউজডেস্কঃ বঙাইগাঁও আই ভেলী সংমণ্ডলৰ অধীনস্থ বহলপুৰ আঞ্চলিক বন বিভাগে চলালে এক অভিযান।এইবাৰ অভিযানৰ স্থান চাপৰ’ৰ ফলিমাৰী।বহলপুৰ আঞ্চলিক বন বিষয়াৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে জব্দ কৰিবলৈ সক্ষম হয় এটা অবৈধ ভ্ৰাম্যমাণ কাঠফলা মিল। লগতে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ শাল আৰু শেগুন গছৰ কুণ্ডা। জব্দকৃত মিলটোৰ বজাৰ মূল্য ডেৰ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে আৰু লগতে উদ্ধাৰ হোৱা কাঠৰ কুণ্ডাখিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি জানিবলৈ দিয়ে বন বিভাগে।উল্লেখ্যযে আঞ্চলটোত একাংশ অসাধু ব্যবসায়ীয়ে মাটি আৰু কাঠৰ অবৈধ ব্যৱসায়ৰে ত্ৰাসৰ সৃষ্টি কৰি আছে যদিও কঠোৰ স্থিতি গ্ৰহণ কৰা দেখা গৈছে বহলপুৰ আঞ্চলিক বন বিভাগে।

এনেধৰণৰ আন বাতৰিসমূহ