চালে চকু ৰোৱা এখন মনোমোহা সেউজ গাওঁ!

নিউজনেষ্ট,১৮ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ পৰ্যটকৰ বাবে এক আকৰ্ষণীয় স্থান-

“বাপুৰাম টকবি গাওঁ”:কাৰ্বি পাবত্য জিলাৰ এখনি মনোমোহা সেউজ গাওঁ।

চালে চকু ৰোৱা এখন মনোমোহা সেউজ গাওঁ,
স্বচ্ছতাৰ এক অনন্য নিদৰ্শন এই জনজাতীয় গাওঁ খন।

প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানে স্পৰ্শ কৰাৰ পূৰ্বেই স্বচ্ছতাৰ নিদৰ্শন হৈছিল গাওঁ খন।

গাওঁ বাসীয়ে নিজা প্ৰচেষ্টাৰে শুৱনি কৰি ৰখা গাওঁ খনে দৃষ্টি আকৰ্ষণ কৰি আহিছে সকলোৰে।

গাওঁ খনৰ নাম “বাপুৰাম টকবি গাওঁ”।

কাৰ্বি সমাজৰ আধ্যাত্মিক গুৰু লক্ষণ ইংতি হাঞ্চেৰ জন্মস্থান এই “বাপুৰাম টকবি গাওঁ”।

ইয়াতেই আছে কাৰ্বি ধৰ্মগুৰু লক্ষণ ইংতি হাঞ্চে প্ৰতিষ্ঠা কৰা লক্ষীমণ সংঘ আশ্ৰম।

বোকাখাত মহকুমাৰ দক্ষিণে থকা চিৰ সেউজ কাৰ্বি আংলং জিলাৰ ডলামৰাত অৱস্থিত এই গাওঁখন।

কাৰ্বি পাহাৰৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজত অৱস্থিত সেউজ গাওঁ খনৰ পৰিস্কাৰ-পৰিচন্ন পৰিবেশে প্ৰথম দৃষ্টিতেই মোহাচ্ছন্ন কৰে পৰ্যটকক।

১১৯ টা কাৰ্বি সম্প্ৰাদায়ৰ পৰিয়ালে বসবাস কৰা গাওঁ খনত স্বচ্ছতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত সহযোগ কৰে গাওঁ খনৰ প্ৰতিটো পৰিয়ালৰ হৈ ডেকা-গাভৰুৰ লগতে কন কন ল’ৰা ছোৱালী তথা বয়োবৃদ্ধ সকলে।

প্ৰায় প্ৰতি দিনেই গাওঁ খনৰ আলি-পদুলিৰ লগতে নিজৰ ঘৰৰ চৌপাশ পৰিস্কাৰ কৰাৰ নীতি-নীয়ম বান্ধি লৈছে গাওঁ বাসীয়ে।

অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ কাৰ্বি সম্প্ৰদায়ৰ লোক সকলৰ মাজত আধ্যাত্মিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে নিৰলস প্ৰচেষ্টা চলোৱা ধৰ্মীয় গুৰু লক্ষণ ইংতি হাঞ্চেৰ পদানুসৰণ তথা নিৰ্দেশ পালন কৰি আহিছে গাওখনৰ ৰাইজে।

প্ৰতিস্থা কালৰে পৰা গাওঁ খনত কাহানিও হোৱা নাই সুৰাৰ লগতে কোনো নিচা জাতীয় দ্ৰব্যৰ প্ৰচলন।যাৰ বাবে গাওঁখনত স্বচ্ছতাৰ লগতে বিৰাজ কৰে শান্তি-সম্প্ৰীতিৰ পৰিবেশে।

কেৱল গাওঁ খন অথবা ইয়াৰ পৰিবেশ স্বচ্ছ হোৱাই নহয় গাওঁখনৰ লোকসকলৰো আছে এক অনন্য স্বীকৃতি,, অতি মাৰ্জিত আচাৰ ব্যৱহাৰৰ লগতে অতিথি পৰায়ণ গাওঁ খনৰ প্ৰতিজন লোক।

শিক্ষাৰ প্ৰসাৰতাৰ বাবেও গুৰুত্ব দিছে গাওঁ বাসীয়ে।প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈকে তিনিখনকৈ বিদ্যালয় গাওঁৰ মাজতে গঢ়ি দি এক সুস্থ শৈক্ষিক বাতাবৰণো গঢ়ি তুলিছে গাওঁ বাসীয়ে।

উল্লেখযোগ্য যে গাওঁ বাসীৰ প্ৰচেষ্টাত স্বচ্ছতাৰ লগতে সকলো ফালৰ পৰাই এখন আদৰ্শ গাঁৱৰ বাস্তৱ নিদৰ্শন হৈ পৰা এই গাওঁ খনৰ প্ৰতি কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ উপৰিও অসম চৰকাৰৰ পৰ্যটন বিভাগে কিছু গুৰুত্ব প্ৰদান কৰিলে অচিৰেই ৰাজ্যৰ আন এক পৰ্যটন কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিব পাৰিব কাৰ্বি পাবত্য ভূমিৰ “বাপুৰাম টকবি “নামৰ এই মনোমোহা গাওঁখনে।

 

এনেধৰণৰ আন বাতৰিসমূহ