জাগীৰোডত কেইবা কোটি টকাৰ হেৰইন সহ এজনক আটক !

নিউজনেষ্ট, ২৮ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ জাগীৰোড আৰু মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷ সোমবাৰে নিশা জাগীৰোডত কেইবা কোটি টকাৰ হেৰইন সহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ আটকাধীন লোকজনে
পাচলিৰ মাজত লুকুৱাই আনিছিল বুজন পৰিমাণৰ ড্ৰাগছ।

হাতেলোতে জব্দ প্ৰায় পাঁচ কোটি টকা মূল্যৰ হেৰ’ইন।

৩৭ নং ঘাইপথৰ সমীপৰ পশ্চিম নগাঁৱত আটক কৰে ধিঙৰ আনোৱাৰ হুচেইন নামৰ সৰবৰাহকাৰীজনক।

সৰবৰাহকাৰীৰ ন ন কৌশল প্ৰতিহত কৰি হ’লেও ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় জাগীৰোড আৰক্ষী।

সোধপোছৰ বাবে ধৃত হুচেইনক লৈ যোৱা হয় জাগীৰোড আৰক্ষী থানালৈ।

বিশেষ খবৰল পম খেদি মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱাৰ নেতৃত্বত চলিছিল এই অভিযান।

এনেধৰণৰ আন বাতৰিসমূহ