জাগীৰোডত ড্ৰাগছ সহ এজনক আটক!

নিউজনেষ্ট ৪ ফ্ৰেব্ৰুৱাৰী,২০২৩ : জাগীৰোডৰ বিভিন্ন অঞ্চলত দীৰ্ঘ দিনৰ পৰাই চলি আহিছে ড্ৰাগছ ,ভাং ,আদিৰ লগতে বিলাতী সুৰাৰ অবৈধ ৰমৰমীয়া বেহা ৷ শনিবাৰে ড্ৰাগছ সহ এজন যুৱকক আটক কৰে স্থানীয় ৰাইজে ৷ আনহাতে ৰাইজৰ হুলস্থূলৰ মাজতে তিনিজন যুৱক পলাই যাবলৈ সক্ষম হয় ৷ স্থানীয় লোকে জাগীৰোড থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ৰাইজে আটক কৰা যুৱক বিজয় ৰাজভৰক জাগীৰোড থানালৈ লৈ যায় ৷ জাগীৰোড থানাৰ অন্তৰ্গত পালিগুৰি গাওঁ পঞ্চায়তৰ পিছফালে ফইজুল হক নামৰ যুৱকজনে দীৰ্ঘদিনৰ পৰাই ড্ৰাগছৰ ব্যৱসায় কৰি অহা বুলি স্থানীয় লোক সকলে জানিবলৈ দিয়ে ৷ শনিবাৰে দুপৰীয়াৰ ভাগত জাগীৰোডৰ শিলভাঙাৰ তিনিজন যুৱক বিলাল হুছেইন আৰু বিজয় ৰাজভৰ আৰু এজন যুৱক ফইজুল হকৰ ঘৰলৈ ড্ৰাগছ কিনিবলৈ অহাত স্থানীয় লোকে বিজয় ৰাজভৰ নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় বাকী ফইজুল হক আৰু বিলাল হুছেইনৰ লগতে এজন পলাই যাবলৈ সক্ষম হয় বুলি স্থানীয় লোকে ব্যক্ত কৰে ৷ আটকাধীন বিজয় ৰাজভৰ আৰু পলাতক কেইজনক আৰক্ষীয়ে আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় স্থানীয় লোকে ৷

এনেধৰণৰ আন বাতৰিসমূহ