জাগীৰোডৰ নেলীত সদৌ তিৱা ছাত্ৰ সন্থাৰ একাদশ দ্বি বাৰ্ষিক সাধাৰণ অধিৱেশন আৰম্ভ!

নিউজনেষ্ট, ২৩ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ জাগীৰোডৰ নেলীত আজিৰে পৰা আৰম্ভ হৈছে সদৌ তিৱা ছাত্ৰ সন্থাৰ একাদশ দ্বি বাৰ্ষিক সাধাৰণ অধিৱেশন আৰু ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ নেলী নৰচিং দেউৰজা সমন্বয় ক্ষেত্ৰত আজিৰে পৰা আৰম্ভ হোৱা অধিৱেশনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰে আদৰণি সমিতিৰ সভাপতি অনিল চন্দ্ৰ পাতৰে ৷ ইয়াৰ পিছত স্মৃতি তৰ্পণ কৰে আদৰণি সমিতিৰ সম্পাদক অনুপ দাৰফাঙে ৷ প্ৰতিনিধি শিবিৰ মুকলি কৰে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি বাবুল পাতৰে ৷ পাচ দিনীয়াকৈ অনুস্থিত অধিৱেশনৰ সকলো কাৰ্যসূচী সুচাৰুৰূপে অনুস্থিত হোৱাত ৰাইজৰ সহযোগিতা কামনা কৰে উদযাপন সমিতিয়ে ৷

এনেধৰণৰ আন বাতৰিসমূহ