জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড!

নিউজনেষ্ট,১৮ মাৰ্চ ২০২৩,নিউজডেস্কঃচাপৰত একাংশ জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড।

কেকত বিষ মিহলাই কুকুৰ নিধন কৰাৰ গুৰুত্বৰ অভিযোগ।

বিষ মিহলোৱা কেক খাই ৩-৪ টা কুকুৰ ইতিমধ্যে মৃত্যু হোৱাৰ অভিযোগ।

আন ৪ টাকৈ কুকুৰ বৰ্তমান মৃত্যুৰ সৈতে যুজি আছে।

এই নিকৃষ্ট কাণ্ড সংঘটিত হৈছে চাপৰৰ ৫ নং ৱাৰ্ডৰ মাল্লাপট্টিত।

বঙাইগাঁও জিলাৰ সুঁতিৰমুখ নিবাসী মুকজাল আলী বিষ মিহলোৱাৰ অভিযোগ।

ধুবুৰী জিলাৰ চাপৰৰ ৫ নং ৱাৰ্ডৰ মাল্লাপট্টিত সংঘটিত হৈছে এক নিকৃষ্ট কাণ্ড। জানিব পৰা মতে বঙাইগাঁও জিলাৰ সুঁতিৰমুখ নিবাসী মুকজাল আলী নামৰ এজন ব্যক্তিয়ে খোৱা বস্তুত বিষাক্ত দ্ৰব্য মিহলাই কুকুৰ নিধন চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে বিষ মিহলোৱা কেক খাই ৩-৪ টা কুকুৰ মৃত্যু হোৱাৰ লগতে আন বহু কুকুৰ মৃত্যুৰ সৈতে যুজি আছে বুলি জানিব দিয়ে স্থানীয় ৰাইজে।উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে অজয় মাল্লাহ নামৰ এজন ব্যক্তিয়ে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এনেধৰণৰ আন বাতৰিসমূহ