ডিগবৈ মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত ‘বিশ্ব জলাশয় দিৱস’!

নিউজনেষ্ট ০৩ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ মুৰব্বী অধ্যাপক ৰাজীৱ ৰুদ্ৰ তাৰিয়াঙৰ নেতৃত্বত মহাবিদ্যালয়ৰ ১৩ জনীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দলে বিশ্ব জলাশয় দিৱসৰ উপলক্ষে তিনিচুকীয়াৰ ‘মাগুৰি মটাপুং বিল ভ্ৰমণ কাৰ্য্যসূচী এটা হাতত লয়। সুমিত ঢাকাল,গায়ত্রী ছেত্রী,প্ৰিয়ংকা কৰ্মকাৰ,জুবিন হালৈ,ধ্ৰুব নাথ,জেছমিনডৰ কৌৰ,দেউকি ৰায়,ৰোহান জয়ছোৱাল, সৃষ্টি সোনাৰ,দেৱপ্ৰীয়া দেৱনাথ,যোগমায়া গগৈ,মানসি দও আৰু চুমন প্ৰধান আদি থকা গোটটোৰ সৈতে চৰাই বিশেষজ্ঞৰ, কহুৱা ৰিজ্টৰ স্বত্বাধিকাৰী জীৱন দও আৰু ৰাজীৱ ৰুদ্ৰ তাৰিয়াঙে ভ্ৰমণৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলক পথ প্ৰদৰ্শক হিচাপে থাকে।ছাত্ৰ-ছাত্ৰী সকলে এই ভ্ৰমণত ২০ বিধ চৰাই যেনে- বাৰ হেডেড হাঁহ,ফেক্টেট হাঁহ,চাকৈচকোৱা হাঁহ,শামুক ভাঙা চৰাই,মাছৰুকা,পানী কাউৰী আদি প্ৰত্যক্ষ কৰে। ভ্ৰমণ কাৰ্য্যসূচীক লৈ সন্তুষ্ট প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰিসকলে।

এনেধৰণৰ আন বাতৰিসমূহ