ডিফুত আন্তৰাষ্ট্ৰীয় মিলেট(বাজৰা)বৰ্ষ ২০২৩ পালন।

নিউজনেষ্ট, ০৩ এপ্ৰিল ২০২৩, নিউজডেস্কঃ ভাৰত চৰকাৰৰ প্ৰস্তাৱক সন্মান জনাই ৰাষ্ট্ৰ সংঘই মিলেটক পুষ্টিকৰ খাদ্য হিচাপে ঘোষণা কৰাৰ পিছত পোনপ্ৰথম বাৰৰ বাবে কাৰ্বি আংলং জিলা প্ৰশাসন আৰু হোটেল মেনেজমেণ্ট গুৱাহাটীৰ উদ্যোগত জিলাখনত মিলেটৰ উৎপাদন বৃদ্ধি, খাদ্য হিচাপে ইয়াৰ উপকাৰিতা আৰু চাহিদা বৃদ্ধি সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।
ইয়াৰ উপৰি ডিফুৰ আৱৰ্ত ভৱনত মিলেট দি প্ৰস্তত কৰা বিভিন্ন প্ৰকাৰৰ খাদ্যৰ প্ৰৰ্দশনীৰ লগতে উপস্থিত সকলোৱে মিলেটৰে প্ৰস্তুত কৰা বহু প্ৰকাৰৰ খাদ্যৰো জুতি লয়।

উক্ত সজগতা সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকী উপস্থিত থাকি ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু পুষ্টিকৰ খাদ্যৰ গুণ থকা মিলেটৰ কঠিয়া কাৰ্বি আংলং পৰিষদে বিনা মূল্যে দিয়াৰ ব্যৱস্থা কৰিব বুলি কয়।

অনুষ্ঠিত সভাখনত কাৰ্বি আংলঙৰ উপায়ুক্ত মধুমিতা ভাগৱতী আই এছ এম’ৰ প্ৰধান অধ্যক্ষ অমিতাভ দেৱৰ লগত পৰিষদৰ কাৰ্যবাহী সদস্য সকল উপস্থিত থাকে।

এনেধৰণৰ আন বাতৰিসমূহ