ডিফুত কাৰ্বি সাহিত্য সভাৰ নতুন কেন্দ্ৰীয় কাৰ্যালয়ৰ দ্বাৰ উদ্ঘাটন।

নিউজনেষ্ট ২৭ মাৰ্চ ২০২৩ : ডিফুত কাৰ্বি লামমেত আমেই অৰ্থাৎ কাৰ্বি সাহিত্য সভাৰ নতুন কেন্দ্ৰীয় কাৰ্যালয়ৰ দ্বাৰ উদ্ঘাটন। কাৰ্বি ভাষা-সাহিত্য সুৰক্ষিত কৰাৰ স্বাৰ্থত সুদীৰ্ঘ কালজুৰি কাৰ্বি সাহিত্য সভাই বিভিন্ন উদ্যোগ গ্ৰহণ কৰি আহিছে। পিছে দীৰ্ঘদিনে কাৰ্বি সাহিত্য সভাৰ নিজা ভূমিত নাছিল কেন্দ্ৰীয় কাৰ্যালয়। সেয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে ভূমি দান কৰি পৰিষদৰ পূঁজিৰে ডিফুত নিৰ্মাণ কৰি দিয়ে সভাৰ কেন্দ্ৰীয় কাৰ্যালয়টো। ডিফু-লামডিং পথৰ তিনি কিলোত নিৰ্মাণ সম্পূৰ্ণ হোৱা নৱনিৰ্মিত মুখ্য কাৰ্যালয়টো সোমবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে শুভ উদ্বোধন কৰে।উদ্বোধনী অনুষ্ঠানত কাৰ্বি সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ লগতে বিশিষ্ট সাহিত্যিকসকল উপস্থিত থাকে। প্ৰায় দুই কোটি টকা ব্যায় সাপক্ষে নিৰ্মিত কাৰ্যালয়টো শুভ উদ্বোধন কৰি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে এনেদৰে মন্তব্য কৰে।

এনেধৰণৰ আন বাতৰিসমূহ