ডিমৰীয়াৰ তেঁতেলীয়া গাঁও পঞ্চায়তত মহাৰাষ্ট্ৰৰ PRI সদস্য।

নিউজনেষ্ট,০৯ মাৰ্চ ২০২৩,নিউজডেস্কঃ আজি ডিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত তেঁতেলীয়া গাঁও পঞ্চায়তত উপস্থিত হয় মহাৰাষ্ট্ৰৰ পৰা অহা পঞ্চায়ত ৰাজ ইনষ্টিটিউটৰ সদস্যৰ এটি দল। দলটিক আৰম্ভণিতে তেঁতেলীয়া গাঁও পঞ্চায়তৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়। ইয়াৰ পাছতে তেঁতেলীয়া গাঁও পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত হোৱা এখন সভাত তেঁতেলীয়া গাঁও পঞ্চায়তৰ সভাপতি সম্পাদককে ধৰি সমূহ সদস্যৰ সৈতে মত বিনিময় কৰে মহাৰাষ্ট্ৰৰ পৰা অহা লোক সকলে। গাঁও পঞ্চায়ত খনৰ বিভিন্ন কাম কাজ সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যৰে উপস্থিত হোৱা PRI সদস্য সকলক ক্ষেত্ৰ পৰিদৰ্শন কৰোৱাৰ লগতে জনজাতীয় কৃষ্টি নৃত্যৰে তেওঁলোকক সম্ভাষণ জনোৱা হয়। আজিৰ অনুষ্ঠানটিত PRI সদস্যসকলক তেঁতেলীয়া গাঁও পঞ্চায়তৰ সভাপতি সম্পাদক আৰু সদস্য সকলৰ লগতে ডিমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে সংগ দিয়ে। তেঁতেলীয়া গাঁও পঞ্চায়তৰ আতিথ্যত সন্তুষ্টি প্ৰকাশ কৰে মহাৰাষ্ট্ৰৰ পৰা অহা PRI সদস্য সকলে।

এনেধৰণৰ আন বাতৰিসমূহ