ডুমডুমাত আটছাৰ উত্তাল প্ৰতিবাদ !

নিউজনেষ্ট,১৩ মাৰ্চ ২০২৩,নিউজডেস্কঃ ডুমডুমাত আটছাৰ উত্তাল প্ৰতিবাদ |
নিৰুদ্দেশ ছাত্ৰী বন্দনা কুমাৰী তাঁতীৰ সন্দৰ্ভত এজাহাৰ লবলৈ অগ্ৰাহ্য ডুমডুমা আৰক্ষীৰ |

অসম চাহ জনজাতি ছাত্ৰ সন্থা ডুমডুমা শাখা সমিতিয়ে আজি ডুমডুমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় | উল্লেখ্য যে যোৱা ৬ মাৰ্চ তাৰিখৰ পৰা নিৰুদ্দেশ হোৱা বিচাকপি চাহ বাগিচাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী বন্দনা কুমাৰী তাঁতীৰ আজি পৰ্য্যন্ত সন্ধান ওলিয়াবলৈ সক্ষম নহল আৰক্ষীয়ে, যাৰ ফলস্বৰূপে আটছা আৰু আটুৱা ডুমডুমা শাখাৰ নেতৃত্বত বিচাকপি চাহ বাগিচাৰ কেইবা শতাধিক ৰাইজে আজি ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে |
আটছা আৰু পৰিয়ালে অভিযোগ কৰে যে, বন্দনা কুমাৰী তাঁতীৰ নিৰুদ্দেশ সম্পৰ্কত ডুমডুমা আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য কৰি আৰক্ষীয়ে দাবী কৰে যে আছলতে ছাত্ৰী গৰাকী সন্ধানহীন হোৱাৰ পৰিৱৰ্তে ড• ভূপেন হাজৰিকা সেতুৰ পৰা ব্ৰহ্মপুত্ৰ নৈত জাপ দি আত্মহত্যা কৰিছে | আনহাতে আৰক্ষীয়ে ৬ মাৰ্চ তাৰিখৰ পৰা কেইবাদিন ধৰি ব্ৰহ্মপুত্ৰ নৈত সন্ধান চলাই যদিও বন্ধনা তাঁতীৰ সন্ধান ওলিয়াবলৈ ব্যৰ্থ হয় | আৰক্ষীৰ ব্যৰ্থতাত ক্ষুন্ন আটছাই চক্ৰ বিষয়াক এক স্মাৰক পত্ৰ প্ৰদান কৰি শীঘ্ৰে বন্দনা কুমাৰী তাঁতীৰ সন্ধান ওলিয়াবলৈ আৰু ছাত্ৰী গৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা লক্ষীমপুৰৰ যুৱক মুন দেউৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই |

এনেধৰণৰ আন বাতৰিসমূহ