ডুমডুমাত উত্তেজিত চাহ শ্ৰমিকৰ পথ অৱৰোধ !

নিউজনেষ্ট,০৯ মাৰ্চ ২০২৩,নিউজডেস্কঃডুমডুমাত উত্তেজিত চাহ শ্ৰমিকৰ পথ অৱৰোধ | চামডাং বাগিচাৰ মেনেজাৰক গ্ৰেপ্তাৰৰ দাবী |

ডুমডুমাৰ চামডাং চাহ বাগিচাৰ শ্ৰমিকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় |

উল্লেখযোগ্য যে, 7 মাৰ্চ তাৰিখে ফাকুৱা উপলক্ষে চাহ বাগিচা বন্ধ থকা স্বত্তেও বাগিচাখনৰ মেনেজাৰ মৃদুল হাজৰিকাই বাগিচা কলঘৰত একাংশ শ্ৰমিকক বলপূৰ্বক ভাৱে কাম কৰিবলৈ বাধ্য কৰে যাৰ ফলত শম্ভু তাঁতী নামৰ এগৰাকী শ্ৰমিকৰ হাত CTC মেচিনত সোমাই গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয় |

শ্ৰমিক জন দুৰ্ঘটনাত পতিত হোৱাত পৰিয়ালে বাগিচা মেনেজাৰ মৃদুল হাজৰিকাৰ বিৰুদ্ধে ডুমডুমা থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে মেনেজাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এই বাগিচাখনৰ শ্ৰমিক আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই ডুমডুমা আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ভাৱে ক্ষুন্ন হৈ ডুমডুমাত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মৃদুল হাজৰিকাক গ্ৰেপ্তাৰ নকৰাৰ বাবে আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে |

প্ৰায় 2 ঘন্টা সময় পথ অৱৰোধ কৰি আটছা তিনিচুকীয়া জিলা সমিতিয়ে 12 ঘন্টাৰ ভিতৰত মেনেজাৰ গৰাকীক গ্ৰেপ্তাৰ নকৰিলে তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰাৰ হুমকি দিয়ে আৰু জিলা উপায়ুক্ত জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে |

এনেধৰণৰ আন বাতৰিসমূহ