ডুমডুমাত দুৰ্নীতিৰ অভিযোগত লাট মণ্ডল নিলম্বন!

নিউজনেষ্ট,১৮ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃডুমডুমাত দুৰ্নীতিৰ অভিযোগত লাট মণ্ডল নিলম্বন |মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে যিমানে হুংকাৰ নিদিয়ক কিয় বৰ্তমানো ৰাজ্যখনৰ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে দুৰ্নীতি-অনিয়মত নিমজ্জিত হোৱা বাতৰি প্ৰায়ে পোহৰলৈ অহা দেখা যায় | ডুমডুমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখোৱাই বসুন্ধৰা আঁচনিৰ বাবে উৎকোচ দাবী কৰা ঘটনা পোহৰলৈ অহাৰ পিচত বিভাগীয় কতৃপক্ষই কৰ্মচাৰী গৰাকীক চাকৰিৰ পৰা নিলম্বন কৰে | মনিধৰ মাউৎ নামৰ লাট মণ্ডল গৰাকীয়ে মাটি-বাৰিৰ কাম কৰি দিয়াৰ বাবদ জনসাধাৰণক মোকলিকৈ ধন দাবী কৰা সন্দৰ্ভত লিখিত অভিযোগ পোৱাৰ পিচত তিনিচুকীয়া জিলাৰ উপায়ুক্তই লাট মণ্ডল গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি চাকৰিৰ পৰা নিলম্বন কৰে |
অভিযোগ ওঠামতে লাট মণ্ডল গৰাকীয়ে দীৰ্ঘ সময়ৰ পৰা দুৰ্নীতি-অনিয়মত নিমজ্জিত হৈ আছিল যাৰ বাবে লোকজনৰ বিৰুদ্ধে বিভাগে ইয়াৰ পূৰ্বেও শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰিছিল |

এনেধৰণৰ আন বাতৰিসমূহ