ডুমডুমাত পৌৰ কৰ বৃদ্ধিৰ প্ৰতিবাদ AJYCP ৰ |

নিউজনেষ্ট,২০ মাৰ্চ ২০২৩,নিউজডেস্কঃ পৌৰ কৰ সংশোধনৰে ৰাজ্যখনত পৌৰসভা বিলাকে নিৰ্ধাৰণ কৰা নতুন পৌৰ কৰৰ বিৰুধে সৰ্বত্ৰে প্ৰতিবাদ হোৱা দেখা গৈছে | অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে পূৰ্বৰ পৰা জনসাধাৰণক আৰ্থিক ভাৱে কোঙা কৰাৰ পিচত সাম্প্ৰতিক পৌৰ কৰে ভূতৰ ওপৰত দানহ ৰূপে বিবেচিত হৈছে | ডুমডুমা পৌৰসভাই নতুন কৰ নীতি সন্দৰ্ভত জাননী জাৰী কৰাৰ পিছৰে পৰা নগৰ খনৰ দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে নতুন কৰ নীতি বাতিল কৰিবলৈ দাবী জনাই আহিছে | আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা পৌৰসভা কাৰ্য্যালয় সন্মুখত এক ঘন্টিয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰি নতুন কৰ নীতি বাতিল কৰিবলৈ দাবী জনাই | প্ৰতিবাদী কাৰ্যসূচীত AJYCP ডুমডুমা আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে প্ৰভাকৰ শৰ্মা আৰু কল্যাণ মৰান উপস্থিত থাকি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে |

এনেধৰণৰ আন বাতৰিসমূহ