ডুমডুমাত MK SHAH চাহ কোম্পানীৰ বিৰুদ্ধে সৰৱ “আটছা” !

নিউজনেষ্ট, ১৮ মাৰ্চ ২০২৩,নিউজডেস্কঃডুমডুমাত MK SHAH চাহ কোম্পানীৰ বিৰুদ্ধে সৰৱ “আটছা” |
20 মাৰ্চ তাৰিখে কোম্পানীৰ ৮ খন বাগিচা বন্ধ ঘোষণা আটছাৰ |

যোৱা ৬ মাৰ্চ তাৰিখে ফাকুৱাৰ বন্ধ দিনা ডুমডুমাৰ চামডাং চাহ বাগিচাৰ শ্ৰমিক শম্ভূ তাঁতীয়ে বাগিচা কলঘৰত কাম কৰি থকা সময়ত দুৰ্ঘটনাবশত মেচেনত হাত সোমাই গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱাত উত্তপ্ত হৈ পৰিছিল ডুমডুমা | বাগিচা বন্ধ থকা স্বত্তেও বাগিচাখনৰ মেনেজাৰ মৃদুল হাজৰিকাই একাংশ শ্ৰমিকক কাম কৰিবলৈ বাধ্য কৰোৱাইছিল বুলি অভিযোগ ওঠাৰ পিচত অসম চাহ জনজাতি ছাত্ৰ সন্থাই মেনেজাৰ মৃদুল হাজৰিকাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ অৱৰোধ কৰিছিল | শম্ভূ তাঁতী নামৰ শ্ৰমিক গৰাকীয়ে দুৰ্ঘটনাত পতিত হোৱাৰ বাবে দায়ী বাগিচা মেনেজাৰ গৰাকীক পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিবলৈ আৰু শম্ভূ তাঁতীক 20 লাখ টকাৰ এককালীন ক্ষতিপূৰণ প্ৰদান কৰিবলৈ আটছাই দাবী জনাই আহিছে |

কিন্তু আচৰ্য্যজনক ভাৱে MK SHAH কোম্পানীটোৱে আৰু জিলা প্ৰশাসনে আটছাৰ দাবীক কোনোধৰনৰ গুৰুত্ব প্ৰদান কৰা দেখা নগল | যাৰ ফলস্বৰূপে অহা ইং ২০ মাৰ্চ তাৰিখে MK SHAH কোম্পানীৰ ডুমডুমাস্থিত চামডাং, ৰাইডাং, বিচাকপি, দৈমুখীয়া, বাঘজান, কুমচাং, বৰডুবি আৰু ফিল’বাৰী চাহ বাগিচা ২৪ ঘন্টা বন্ধ ঘোষণা কৰিছে আটছাই |

উল্লেখযোগ্য যে, বাগিচা মেনেজাৰ মৃদুল হাজৰিকাৰ গ্ৰেপ্তাৰৰ দাবীত আটছাই জিলা উপায়ুক্ত কাৰ্য্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল তৎসত্তেও জিলা প্ৰশাসনে ঘটনাটোক গুৰুত্ব প্ৰদান নকৰাত বিষয়টো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে |
সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য ৰূপেশ তাঁতীৰ উপস্থিতি তিনিচুকীয়া জিলা আৰু ডুমডুমা শাখা সমিতিৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় আৰু উক্ত সভাত আটছাৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত আলোচনা হোৱাৰ লগতে চাহ শ্ৰমিকক পিঠি দিয়া কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, শ্ৰম মন্ত্ৰী সঞ্জয় কিষান আৰু শ্ৰমিক সংগঠনৰ নেতা বিধায়ক ৰূপেশ গোৱালক ক্ষুৰধাৰ সমালোচনা কৰে আটছাই ।

এনেধৰণৰ আন বাতৰিসমূহ