ডুমডুমাৰ চাহ বাগিচাত শিশু শ্ৰমিক !

নিউজনেষ্ট,১৭ মাৰ্চ ২০২৩,নিউজডেস্কঃ ডুমডুমাৰ চাহ বাগিচা সমুহত শিশু শ্ৰমিক নিয়োগ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই | ডুমডুমাৰ MK Shah Tea Expert Limited কোম্পানীৰ বৰডুবি চাহ বাগিচাত কাম কৰোৱাবলৈ বিভিন্ন ঠাইৰ পৰা ঠিকাদাৰ হতোৱাই শতাধিক মহিলা শ্ৰমিক আনি থকা সময়ত অসম চাহ জনজাতি ছাত্ৰৰ বিষয়-ববীয়াই বাহন সমুহ জব্দ কৰে | আটছাই অভিযোগ কৰামতে বাগিচাখনত শিশু শ্ৰমিক নিয়োগ বন্ধ কৰিবলৈ বাগিচা কতৃপক্ষক দাবী জনাই অহা স্বত্তেও বাগিচা কতৃপক্ষই ঠিকাদাৰৰ হতোৱাই বিভিন্ন স্থানৰ পৰা শিশু শ্ৰমিক আমদানি কৰি বাগিচাখনত নিয়োগ কৰি আহিছে | লক্ষ্যনীয় ভাৱে বাগিচা কতৃপক্ষই ঠিকাদাৰক জগৰীয়া কৰি সমগ্ৰ বিষয়টোত নিজকে নিৰ্দোষী বুলি দাবী কৰি আটছাৰ বিষয়-ববীয়াৰ সৈতে বাগিচা মেনেজাৰে খণ্ড যুদ্ধত লিপ্ত হোৱা দেখা যায় | প্ৰশ্ন হৈছে বাগিচা বিলাকত শ্ৰমিক সংগঠন আৰু অসম চৰকাৰৰ শ্ৰম বিভাগ এটা থকাৰ পিচতো বাগিচা বিলাকত এনে ঘটনা কিদৰে সংঘটিত হবলৈ পাইছে ?

এনেধৰণৰ আন বাতৰিসমূহ