ডুমডুমাৰ ৰাইডাং চাহ বাগিচাৰ পৰিচালকৰ বাহনত অগ্নি সংযোগ |

নিউজনেষ্ট,২১ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ ডুমডুমাৰ ৰাইডাং চাহ বাগিচাৰ পৰিচালকৰ বাহনত অগ্নি সংযোগ |মেনেজাৰৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত বাগিচা শ্ৰমিকৰ উত্তপ্ত পৰিস্থিতি |যোৱা ২০ ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া প্ৰায় ৫ বজাত ডুমডুমাৰ ৰাইডাং চাহ বাগিচাৰ পৰিচালকৰ জিপচি বাহন এখন অজ্ঞাত দূস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰি সম্পূৰ্ণ ৰূপে ভস্মিভুত কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় | ঘটনাৰ বিৱৰণী মতে পৰিচালক জগজীত সিং ফ্লৰায়ে বাগিচাখনৰ হাঁহচৰা ডিভিজনৰ ৩১ নং চেকচনত অন্য দিনাৰ দৰে কাম পৰ্য্যবেক্ষণ কৰিবলৈ যোৱা সময়ত কোনোবা অজ্ঞাত লোকে শিলগুটি নিক্ষেপ কৰি পৰিচালক গৰাকীক আক্ৰমন কৰাৰ চেষ্টা কৰে যাৰ ফলত পৰিচালক ফ্লৰায়ে বাহন এৰি চাহ বাগিচাৰ মাজত পলায়ণ কৰি নিজকে ৰক্ষা কৰে | কিন্তু পৰৱৰ্তী সময়ত উক্ত দূস্কৃতিকাৰীয়ে বাহনখনত অগ্নি সংযোগ কৰে আৰু AS23D 2812 নম্বৰৰ বাহনখন সম্পূৰ্ণৰূপে ভস্মিভুত হয় | ঘটনা সন্দৰ্ভত জানিবলৈ পাই ডুমডুমা আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় | বাগিচা পৰিচালকৰ ওপৰত হোৱা এনে চাঞ্চল্যকৰ ঘটনাক বাগিচাখনৰ শ্ৰমিকে সহজভাৱে লব নোৱাৰি আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষুন্ন হৈ পৰা পৰিলক্ষিত হয় |বাগিচা পৰিচালকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত বাগিচাখনৰ সহস্ৰাধিক পূৰুষ-মহিলা শ্ৰমিকে আজি পূৱা হাঁহচৰা চাৰিআলিত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ চেষ্টা কৰে | উল্লেখ্য যে, তিনিচুকীয়া জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগত ঘটনাৰ উচিত তদন্তৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি শান্ত হয় | আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ামতে ঘটনাৰ তদন্ত অব্যাহত আছে আৰু অপৰাধীক চিনাক্ত কৰাৰ চেষ্টা কৰি থকা হৈছে |

এনেধৰণৰ আন বাতৰিসমূহ