ডুমডুমাৰ ৰাইডাং চাহ বাগিচাত বৃহৎ জুৱাৰ আড্ডা উৎখাত !

নিউজনেষ্ট ০২ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ ডুমডুমাৰ ৰাইডাং চাহ বাগিচাত বৃহৎ জুৱাৰ আড্ডা উৎখাত | ৰাজনৈতিক নেতা-পালিনেতাৰ ছত্ৰছায়াত জুৱাৰ আড্ডা চলাৰ অভিযোগ | ডুমডুমাৰ ৰাইডাং চাহ বাগিচাত এটা বৃহৎ জুৱাৰ আড্ডা উৎখাত কৰিছে ডুমডুমা আৰক্ষীয়ে | বাগিচাখনৰ মটক লাইনৰ দাঁতিত কেৱল জুৱা খেলাৰ বাবে নিৰ্মান কৰা এটা ঘৰত দীৰ্ঘ দিনৰ পৰা জুৱাৰ আড্ডা চলি আছিল | জানিবলৈ পোৱামতে ডুমডুমা, বৰহাপজান, দাইচা, হাঁহচৰা আদি ঠাইৰ বহু যুৱকে উক্ত ঘৰটোত জুৱা খেলিছিল | অভিযোগ ওঠামতে ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত থকা এগৰাকী লোকে উক্ত জুৱাৰ আড্ডা চলাইছিল আৰু আৰক্ষীক মেনেজ কৰাৰ নামত দৈনিক কেইবাহাজাৰ টকা সংগ্ৰহ কৰি আছিল | ডুমডুমা থানাৰ আৰক্ষী পৰিদৰ্শক দিব্যজ্যোতি দত্তৰ নেতৃত্বত চলা এক অভিযানত প্ৰায় 15 জনীয়া জুৱাৰিৰ দলটো আন্ধাৰৰ সুযোগ লৈ পলায় যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে জুৱাৰ আড্ডাৰ পৰা জুৱা খেলৰ সামগ্ৰীৰ লগতে ৯ খন মটৰ চাইকেল জব্দ কৰে | আৰক্ষীয়ে প্ৰকাশ কৰামতে হাঁহচৰাৰ গকুল তাঁতী নামৰ লোকজনৰ বিৰুদ্ধে ঘৰত জুৱা খেলোৱাৰ অভিযোগত ১৭/২০২৩ নম্বৰত, ধাৰা 14 Assam game and betting act. ত এটা গোচৰ ৰুজু কৰিছে ডুমডুমা আৰক্ষীয়ে | ইয়াৰোপৰি আৰক্ষীয়ে জব্দ কৰা মটৰ চাইকেল সমুহৰ গৰাকী সকলৰ নাম বৰ্তমানলৈকে লাভ কৰা নাই | উল্লেখযোগ্য যে, বৃহৎ আকাৰত চলি থকা জুৱাৰ আড্ডাত একাংশ ৰাজনৈতিক নেতা, পালিনেতা, প্ৰতিষ্ঠিত ব্যৱসায়ী আদিৰ নাম উচ্চাৰিত হোৱা পৰিলক্ষিত হৈছে | পৰৱৰ্তী সময়ত জুৱাৰ নামত চলা ৰমৰমীয়া চিণ্ডিকেটত কোন কোন জড়িত এই সন্দৰ্ভত তথ্য সহকাৰে ফাদিল কৰা হব |

এনেধৰণৰ আন বাতৰিসমূহ