ডুমডুমা ফিল’বাৰীৰ সেনা জোৱান বিটুপন মেছ দিল্লীত সন্ধানহীন |

নিউজনেষ্ট,২৬ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ ডুমডুমা ফিল’বাৰীৰ সেনা জোৱান বিটুপন মেছ দিল্লীত সন্ধানহীন |

তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ এজন সেনা জোৱান নতুন দিল্লীত নিৰুদ্দেশ হোৱা এক ঘটনা পোহৰলৈ আহিছে | ফিল’বাৰী ৰংপুৰ মেছগাঁৱৰ প্ৰয়াত পদ্মেশ্বৰ মেছৰ পুত্ৰ বিটুপন মেছ দ্বিতীয় অসম ৰেজিমেন্টৰ জোৱান | পিতৃৰ আদ্যশ্ৰাদ্ব সম্পন্ন কৰি ২২
ফেব্ৰুৱাৰী তাৰিখে ঘৰৰ পৰা ওলাই গৈছিল কৰ্মস্থলী জম্মু-কাশ্মীৰলৈ কিন্তু দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ কিছুসময় পিছৰ পৰা ২২ বছৰীয়া বিটুপনৰ কোনো শুংসূত্ৰ নাইকিয়া হৈছে | শীৰ্ষ সেনা বিষয়াই জানিবলৈ দিয়া মতে দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত বিটুপনে সেনা বিষয়াক ফোন কৰি চাকৰিত যোগদান কৰিবলৈ কিছুপলম হব বুলি জনাইছিল কিন্তু তাৰ পিছৰ পৰা সেনা বিষয়া আৰু পৰিয়ালৰ সৈতে বিটুপনৰ কোনো ধৰণৰ যোগাযোগ হোৱা নাই | চিন্তিত পৰিয়ালে এই সন্দৰ্ভত ফিল’বাৰী থানাত এজাহাৰ দাখিল কৰিছে |

এনেধৰণৰ আন বাতৰিসমূহ