তামিলনাডুত সন্ধানহীন চামগুৰিৰ এজন যুৱক!

নিউজনেষ্ট,১১ মাৰ্চ ২০২৩,নিউজডেস্কঃ নগাঁৱৰ চামগুৰি শিয়ালকাটিৰ এজন যুৱক তামিলনাদুত সন্ধানহীন ৷ কৰ্মসংস্থাপনৰ বাবে বহি:ৰাজ্য তামিলনাদুলৈ যোৱা ইন্নছ আলি নামৰ যুৱকজন ২৪ ফেব্ৰুৱাৰীৰ পৰাই হৈ আছে সন্ধানহীন ৷ পৰিয়ালৰ মতে যোৱা ২৪ ফেব্ৰুৱাৰীত তামিলনাদুৰ পৰা ঘৰলৈ ওভতি অহা ইন্নছ আলি নামৰ যুৱকজন আজি পযন্ত আহি নাপালেহি ঘৰ ৷ তাকে লৈ চিন্তিত পৰিয়ালৰ লোক ৷ যুৱক জন যোৱা ২৮ ফেব্ৰুৱাৰীতেই ঘৰ আহি পাবহি লাগিছিল যদিও আজি পৰ্যন্ত আহি নাপালেহি ঘৰ ৷ ইতিমধ্যে চামগুৰি আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত এখন এজেহাৰ দাখিল কৰিছে যদিও কোনো লোকে যুৱক জনৰ কিবা সম্ভেদ পালে 91011 29064 নম্বৰত ফোন কৰিবলৈ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে ৷

এনেধৰণৰ আন বাতৰিসমূহ