দেশৰ ক্ৰীড়া মঞ্চত জিলিকিল অসম!

নিউজনেষ্ট,১৫ মাৰ্চ ২০২৩,নিউজডেস্কঃপুনৰ দেশৰ ক্ৰীড়াৰ মঞ্চত উজলি উঠিল অসমৰ নাম। ৰাজ্যৰ ভালে কেইগৰাকী খেলুৱৈয়ে ইতিপূৰ্বে বিভিন্ন খেলত অসমক প্ৰতিনিধিত্ব কৰিছে। সময়ে সময়ে বিভিন্ন শিতানৰ প্ৰতিযোগিতাত খেলুৱৈসকলে ৰাষ্ট্ৰীয় মঞ্চত অসমৰ নাম উজলাবলৈ সক্ষম হৈছে।

ইয়াৰ ভিতৰত অৰ্জুন ভোগেশ্বৰ বৰুৱা,শিৱ থাপা, হিমা দাস আদি অন্যতম। এইসকলৰ ভিতৰত পুনৰ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত জিলিকিল অৰ্জুন বঁটা বিজয়ী আৰ্চাৰ জয়ন্ত তালুকদাৰ।

গুজৰাটত অনুষ্ঠিত হৈছে ছিনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতা ২০২৩। পুৰুষৰ ৭০ মিটাৰ শাখাৰ ফাইনেল খেলখনত অলিম্পিয়ান অতনু দাসক পৰাস্ত কৰি অসমৰ জয়ন্ত তালুকদাৰে লাভ কৰে সোণৰ পদক। উল্লেখ্য যে ৩৭ বছৰীয়া আৰ্চাৰগৰাকীয়ে ২০০৬ চনত লাভ কৰিছিল অৰ্জুন বঁটা।

এনেধৰণৰ আন বাতৰিসমূহ