দৰং জিলা মহিলা কংগ্ৰেছৰ প্ৰতিবাদ!

নিউজনেষ্ট,০৪ মাৰ্চ ২০২৩, নিউজডেস্কঃ কান্ধত ৰন্ধন গেছৰ ছিলিন্দাৰ লৈ ৰাজপথলৈ ওলাই আহিল মহিলা সকল।
ৰাজপথতে গেছৰ ষ্টভত খৰিৰে ধৰিলে জুই। দেশৰ লগতে ৰাজ্যখনত অভাৱনীয় ভাৱে হোৱা মুল্য বৃদ্ধিৰ প্ৰতিবাদত দৰং জিলা মহিলা কংগ্ৰেছে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দৰং জিলা ৰাজীৱ ভৱনৰ পৰা আৰম্ভ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। জিলা খনত ১৪৪ ধাৰা চলি থকাৰ বাবে ঘাই পথৰ পৰা আঁতৰি যাৱলৈ কোৱাত ৰাজীৱ ভৱনৰ বাকৰিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
শেহতীয়াকৈ ভাবে চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ বাৱে মহিলা কংগ্ৰেছে গেছৰ চুলাত খৰিৰে জুই জ্বলাই এই প্ৰতিবাদ সাব্যস্ত কৰে। জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অনিতা ৰাজবংশীৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী জিলা খনৰ বহু সংখ্যক মহিলা কংগ্ৰেছৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

এনেধৰণৰ আন বাতৰিসমূহ