ধিং মহাবিদ্যালয়ৰ সন্মুখত শোকাবহ পথ দুৰ্ঘটনা!

নিউজনেষ্ট,২২ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ  ধিং মহাবিদ্যালয়ৰ সন্মুখত শোকাবহ পথ দুৰ্ঘটনা।

এখন দ্ৰুত বেগী ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু হয় কলেজীয়া ছাত্ৰ এজন। গুৰুতৰ বাবে আহত হয়, আন এজন ছাত্ৰ ।

🔴মৃত্যু হোৱা ছাত্ৰ জনৰ নাম আশ্ৰাফুল আলম আৰু আহত জনৰ নাম আনছাৰুল ইছলাম। আহত ছাত্ৰ জনৰ অবস্থা সংকটজনক অৱস্হাত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়।

🔴নিহত ছাত্ৰ জন ধিং মহাবিদ্যালয় বুৰঞ্জী বিভাগৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ।

দূৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ AS02E 8039।

🔴ইতিমধ্যে ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ ট্ৰাক চালক জনক আটক কৰিছে।

আনহাতে ছাত্ৰ জনৰ মৃত্যুৰ পিছতেই উত্তেজিত হৈ ধিং মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ ছাত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

এনেধৰণৰ আন বাতৰিসমূহ