ধুবুৰীত আন্তঃক্লাব/সন্থা/প্ৰতিষ্ঠানৰ “বি ডিভিজন” ক্ৰীকেট খেলৰ লীগ প্ৰতিযোগিতা!

নিউজনেষ্ট,২২ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ আজি ধুবুৰী ভোলানাথ মহাবিদ্যালয় খেলপথাৰত ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আন্তঃক্লাব/সন্থা আৰু প্ৰতিষ্ঠানৰ “বি ডিভিজন” ক্ৰীকেট খেলৰ লীগ প্ৰতিযোগিতা আৰম্ভ হয়। উক্ত খেল প্ৰতিযোগিতাত উপস্থিত থাকে ধুবুৰী জিলা ক্ৰিড়া সন্থাৰ উপ-সভাপতি বিশ্বজিত কলিতা, ক্ৰিড়া সন্থাৰ সাধাৰণ সম্পাদক ৰতন চন্দ্ৰ মণ্ডল, গভাৰ্নিং বডিৰ সদস্য ভগিৰথ ওঝা, সহকাৰী সম্পাদক অশোক গোৱালা আৰু ক্ৰিকেট সম্পাদক নেকিবুল ইছলাম। অনুষ্ঠানত ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি বিশ্বজিত কলিতাই খেলৰ উদ্বোধন কৰে। প্ৰতিযোগিতাত মুঠ ৮টা দলৰ অংশগ্ৰহণেৰে আজি উদ্বোধনী ৩৫ অভাৰৰ খেলখনত বিএন কলেজ ক্ৰিকেট একাডেমী আৰু ষ্টাৰ ষ্পটিং ক্লাবৰ মাজত খেল অনুষ্ঠিত হয়।

এনেধৰণৰ আন বাতৰিসমূহ