ধুবুৰী বিদ্যাপাৰা যুৱ সমাজৰ ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা!

নিউজনেষ্ট, ২৬ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ আজি ধুবুৰী চহৰৰ বিদ্যাপাৰা অঞ্চলৰ ১০ নম্বৰ ৱাৰ্ড আফতাব উদ্দিন লেনৰ যুৱক সকল ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা সভাৰ আয়োজন কৰে। আজিৰ সভাত উপস্থিত থাকে আৰক্ষী উপ-আৰক্ষী অধীক্ষক (প্ৰফেচন) হিৰেন কুমাৰ, স্থানীয় মুৰব্বী মনছুৰ আহমেদ, ৯ নম্বৰ ৱাৰ্ডৰ প্ৰাক্ত ৱাৰ্ড আয়ুক্ত উত্তম প্ৰসাদ, অধিবক্ত আমিনুৰ ইছলাম, সমাজসেৱক ওহিদ খান আৰু ১০ নম্বৰ ৱাৰ্ডৰ প্ৰাক্ত ৱাৰ্ড আয়ুক্ত বদিউৰ ৰহমান। প্ৰথমে নিজে সজাগ হব লাগিব তাৰপাছত নিজৰ এলেকা, নিজৰ অঞ্চল সমূহত সজাগতা সভা অনুষ্ঠিত কৰি ড্ৰাগছ সেৱনৰ ৰোধ কৰিব পৰা যাব বুলি মত পোষণ কৰে সভাত উপস্থিত মান্য গন্য ব্যক্তি সকল। আজিৰ সভাত উপস্থিত আৰক্ষী উপ-আৰক্ষী অধীক্ষক (প্ৰফেচন) হিৰেন কুমাৰে কয় যে আজিৰ এই সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে যুৱ সমাজক ধন্যবাদ জ্ঞাপন কৰিছো আৰু নিচাজাতীয় দ্ৰব্য ধৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে সকলো সময়ত সজাগ হৈ আছে বুলি আশ্বাস প্ৰদান কৰাৰ লগতে এইক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা থাকিলেহে সকলো সম্ভম হব বুলি মত পোষণ কৰে।

এনেধৰণৰ আন বাতৰিসমূহ