নগাঁও মেডিকেল কলেজৰ সহকাৰী অধ্যাপকক নিলম্বিত!
![](https://newsnestne.com/wp-content/uploads/2023/02/Screenshot-2023-02-23-124117.png)
নিউজনেষ্ট, ২৩ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ নগাঁও মেডিকেল কলেজৰ সহকাৰী অধ্যাপকক নিলম্বিত ৷ নিলম্বিত চিকিৎসকজনৰ নাম হৈছে ৰাস্কিন ফুকন ৷ ৰাজ্য চৰকাৰৰ মেডিকেল এডুকেশ্যন আৰু ৰিচাৰ্চ বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙে নিলম্বিত কৰিছে অধ্যাপক তথা চিকিৎসকজনক ৷ ডা° ৰাস্কিন ফুকন কৰ্তব্যত উপস্থিত নথকাৰ বাবে তৎকালে বলবৎ হোৱাকৈ ৰাজ্য চৰকাৰে চাকৰিৰ পৰা নিলম্বিত কৰিছে ৷
উল্লেখ্য এই যে নগাঁও মেডিকেল কলেজত বুধবাৰে আই এম চিৰ পৰ্যবেক্ষকৰ দল উপস্থিত হৈছিল ৷ আই এম চিৰ পৰিদৰ্শনৰ সময়ত অৰ্থপেডিক বিভাগৰ সহকাৰী অধ্যাপক ডা° ফুকন অনুপস্থিত থকাটো ধৰা পৰিছিল ৷ আনকি ডা° ফুকনে নগাঁও মেডিকেল কলেজ কৰ্তৃপক্ষৰ পৰা ছুটিৰ কোনো অনুমতি লোৱা নাছিল ৷