নগাঁও মৰিকলং আৰক্ষীৰ বৃহৎ সাফল্য !

নিউজনেষ্ট, ২৩ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ নগাঁও মৰিকলং আৰক্ষীৰ বৃহৎ সাফল্য গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ মাফিয়া! উদ্ধাৰ ড্ৰাগছ ভৰ্তি ৪২টা কণ্টেনাৰ।

নিষিদ্ধ ঘোষিত সমাজৰ বৰবিহ স্বৰূপ মাৰাত্মক ড্ৰাগছ। ড্ৰাগছৰ কৱলত পৰি ধ্বংসৰ কৰাল গ্ৰাসত নৱ প্ৰজন্ম। নগাওঁ চহৰৰ অলিয়ে গলিয়ে বৰ্তমান সহজলভ্য মাৰাত্মক ড্ৰাগছ। নগাঁও চহৰৰ সমীপবৰ্তী অঞ্চল বেঙেনাআটিৰ নিজা বাসগৃহত বিগত বহুদিনৰ পৰা বাবুল আলীয়ে চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। বুধবাৰে নগাওঁ মৰিকলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

বৰ্তমান আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায় বাবুল আলীক জেৰা অব্যাহত ৰাখিছে।

এনেধৰণৰ আন বাতৰিসমূহ