নগাঁত ভূমি কেন্দ্ৰিক সংঘাত!

এগৰাকী মহিলাসহ পাঁচজনকৈ লোক আহত

নিউজনেষ্ট,২৭জানুৱাৰী, জাকিৰ হুছেইন, নগাঁও: নগাঁৱৰ ছিলঙনীৰ আমতলাত এটা পথক কেন্দ্ৰ কৰিয়েই দুই পক্ষৰ সংঘাতত এগৰাকী মহিলাসহ পাঁচজনকৈ লোক আহত হয় ৷ আহত সকলক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই স্থানীয় ৰাইজে। আহত সকল হৈছে ৰছিদা খাতুন, আনাৰুল হক, জীয়াবুৰ ৰহমান, তহিবুৰ ৰহমান আৰু জালাল উদ্দিন। দুলাল উদ্দীনৰ নেতৃত্বত অহা কেইবাজনীয়া দলে হাতে হাতে দা,লাঠি লৈ আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে আনটো ফৈদৰো কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় ৷ ঘটনা সন্দৰ্ভত হয়বৰগাঁও আৰক্ষী থানাত দুয়োপক্ষৰ এজাহাৰ দাখিল ৷

উল্লেখ্য যে, নগাঁৱত শেহতীয়াকৈ বৃদ্ধি পাব ধৰিছে এনেধৰণৰ ভূমিকেন্দ্ৰিক সংঘাত।

 

এনেধৰণৰ আন বাতৰিসমূহ