নগাঁৱত এইবাৰ প্ৰাকৃতিক হোলি!

নিউজনেষ্ট,০৬ মাৰ্চ ২০২৩, নিউজডেস্কঃ প্ৰাকৃতিক ৰঙৰে হোলী খেলাৰ আহ্বানৰে নগাঁও মহাবিদ্যাল এনএছএছ গোটৰ আগতীয়া হোলী উদযাপন। নগাঁও মহাবিদ্যালয়ৰ লগতে নগাঁও প্ৰেছ ক্লাৱতো উদযাপন কৰিলে আগতীয়া হোলী। বজাৰৰ কেমিকেল যুক্ত ৰঙৰে নহয় এইবাৰ হোলী খেলক প্ৰাকৃতিক ৰঙৰে। ছালৰ উপকাৰী হালধি, বেচন, মুলতানী মাটিৰ লগতে বীট, গাজৰ আদিৰে তৈয়াৰী প্ৰাকৃতিক হোলীৰে এইবাৰৰ হোলী উদযাপন কৰাৰ আহ্বানৰে নগাঁও মহাবিদ্যালয়ৰ এনএছএছ গোটে আয়োজন কৰিলে গ্ৰীণ হোলীৰ। এই অনুষ্ঠানত সহযোগ কৰিলে নগাঁও পৌৰসভাই।আনহাতে নগাঁও পৌৰসভাই নগাঁও প্ৰেছক্লাৱৰ সাংবাদিক সকলৰ সৈতে উদযাপন কৰিলে গ্ৰীণ হোলী। বজাৰত উভৈনদী হোৱা প্লাষ্টিকৰ ফিচকাৰিৰ সলনি বাঁহৰ ফিচকাৰী ব্যৱহাৰ কৰাৰ আহ্বানৰে সাংবাদিকসকলৰ মাজত বিতৰণ কৰিলে বাঁহৰ ফিচকাৰী।এইদৰেই হোলীৰ প্ৰাকক্ষণত প্ৰাকৃতিক আবিৰৰ ৰঙৰে ৰঙীণ হৈ পৰিল নগাঁও চহৰৰ বিভিন্ন স্থান। আবিৰৰ ৰঙে ধুই নিয়ক সমাজৰ সকলো মলিনতা সেই কামনাৰেই কাইলৈ দেশৰ বিভিন্ন স্থানত উদযাপিত হ’ব ৰঙৰ উৎসৱ হোলী।

এনেধৰণৰ আন বাতৰিসমূহ