নগাঁৱত মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকক্ষণত নগাঁৱৰ ঔষধ ব্যৱসায়ী সকলৰ প্ৰতিবাদ!

নিউজনেষ্ট ০২ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ নগাঁৱত মুখ্যমন্ত্ৰী অহাৰ প্ৰাকক্ষণত নগাঁৱৰ ঔষধ ব্যৱসায়ী সকলৰ প্ৰতিবাদ। নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় মহ’খুলিলৈ স্থানান্তৰ কৰাক লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ। নগাঁৱৰ মাজমজিয়াৰ পৰা ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় খনৰ গুৰুত্বপূৰ্ণ বিভাগ সমূহ মহ’খুলিলৈ স্থানান্তৰ কৰাৰ পৰিৱৰ্তে পূৰ্বৰ দৰেই ৰখাৰ দাবী তোলে ঔষধ ব্যৱসায়ী সকলে।অন্য জিলাৰ দৰে নগাঁৱৰ একমাত্ৰ চৰকাৰী শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় খন জীয়াই ৰাখিবলৈ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী গৰাকীক। ইতিমধ্যে চিকিৎসালয় খনৰ গুৰুত্বপূৰ্ণ বিভাগ সমূহ বন্ধ কৰি দি ৰোগী সকলক মহ’খুলি চিকিৎসালয়ত ভৰ্তি কৰাইছে নগাঁও জিলা প্ৰশাসনে।

এনেধৰণৰ আন বাতৰিসমূহ