নগাঁৱত সংঘটিত হৈছে এক আজৱ ঘটনা!

নিউজনেষ্ট ৬ ফ্ৰেব্ৰুৱাৰী,২০২৩,জাকিৰ হুছেইন,নগাঁৱ : নগাঁৱত সংঘটিত হৈছে এক আজৱ ঘটনা। ভুৱা আৰ্মীৰ পৰিচয় দি বিনামূলীয়াকৈ খালে শাক পাচলি। এই আজৱ ঘটনাটো সংঘটিত হৈছে মাজৰআতি চাৰিআলিৰ ক্ষুদ্ৰ শাক পাচলি ব্যৱসায়ী ৰোহিত বৰাৰ লগত। ভুৱা আৰ্মী বিষয়া বুলি নিজকে পৰিচয় দিয়া ব্যক্তি জনৰ নাম শ্ৰীকান্ত। আনহাতে,ঘটনাটোৰ সন্দৰ্ভত ৰোহিত বৰায়ে নগাঁৱৰ সদৰ থানাৰ নগৰ শাখাৰ পৰিদৰ্শকক অৱগত কৰে যদিও পৰিদৰ্শক গৰাকীয়ে ভুৱা আৰ্মীৰ পৰিচয় দিয়া ব্যক্তি জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৰোহিত বৰায়ে।

এনেধৰণৰ আন বাতৰিসমূহ