নগাঁৱত ৰোগীক দুৰ্ব্যৱহাৰ চিকিৎসকৰ!

নিউজনেষ্ট ০৪ জুন ২০২৪ নগাঁও, জাকিৰ হুছেইন : নগাঁৱত ৰোগীক দুৰ্ব্যৱহাৰ চিকিৎসকৰ। নগাঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকে ৰোগীক দুৰ্ব্যৱহাৰ কৰা ঘটনা সংঘটিত হৈছে। এগৰাকী যুৱকক সোমবাৰে পুৱাই এডাল বিষাক্ত সাপে দংশন কৰে।ফলত গুৰুতৰভাৱে আহত যুৱকজনক নগাঁও অসামৰিক চিকিৎসালয়লৈ স্থানীয় ৰাইজে প্ৰেৰণ কৰে। উক্ত চিকিৎসালয়ত উপস্থিত হয় যুৱকজনৰ পৰিয়াল। বিষাক্ত সাপে দংশন কৰা যুৱকজনক জৰুৰীকালিন চিকিৎসা প্রদান নকৰাৰ উপৰিও ৰোগীক দুৰ্ব্যৱহাৰ কৰা অভিযোগ কৰিছে ৰোগীৰ পৰিয়ালে।ফলত পৰিয়ালে চিকিৎসালয়ত উত্তেজিত হৈ পৰে।

এনেধৰণৰ আন বাতৰিসমূহ