নগাঁৱৰ চলচলিস্থিত জন ঔষধী কেন্দ্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল!

নিউজনেষ্ট,০৮ মাৰ্চ ২০২৩,নিউজডেস্কঃ নগাঁৱৰ চলচলিস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জন ঔষধী কেন্দ্ৰৰ উদ্যোগত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যুটীয়া ব্যৱস্থাপনাত সাত দিনীয়া কাৰ্যসূচীৰে জন ঔষধী দিৱস পালন উৎযাপন কৰা হৈছে। সেই উপলক্ষে সামৰণি অনুষ্ঠানত ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলচলি স্থিত জন ঔষধী কেন্দ্ৰত ৰূপায়ন কৰা কাৰ্যসূচীত উপস্থিত থাকি ৰাইজৰ লগত মত বিনিময় কৰে। উক্ত অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে বিভাগীয় বিষয়ববীয়া সকলৰ লগতে সোণাইঘাট চলচলিৰ চিলঙণী আৰু মহখুলিত থকা প্ৰধান মন্ত্ৰী জন ঔষধী কেন্দ্ৰৰ পৰিচালক মৌলানা হাফিজুৰ ৰহমানেও উপস্থিত থাকে।

এনেধৰণৰ আন বাতৰিসমূহ