নলবাৰীত ডাম্পাৰৰ দৌৰাত্ম্য।

নিউজনেষ্ট,২২ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ

নলবাৰীত ডাম্পাৰৰ দৌৰাত্ম্য।

ডাম্পাৰৰ খুন্দাৰ ফলত গুৰুতৰভাবে আহত এগৰাকী যুৱতী।

নলবাৰীৰ হৰিমন্দিৰৰ সমীপত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটন।

দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় বনগাঁওৰ আজিজা বেগম নামৰ এগৰাকী যুৱতী।

As 14 M 8947 নম্বৰৰ স্কুটিখনৰে নলবাৰীৰ সন্ধা অভিমুখে আজিজা বেগম গৈ থকা সময়ত একে দিশৰ পৰা গৈ থকা AS 01 DD 1056 নম্বৰৰ ডাম্পাৰ খনে খুন্দিয়াওৱাৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় আজিদা বেগম।

ইতিমধ্যে ৰাইজে ডাম্পাৰ খন আটক কৰাৰ লগতে গুৰুতৰভাবে আহত আজিজা বেগমক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ কথা জানিব পৰা গৈছে*

বৰ্তমান সংকট জনক অবস্থা যুবতী গৰাকীৰ।

এনেধৰণৰ আন বাতৰিসমূহ