নলবাৰীত মুকলি হব ৯১ ফুট উচ্চতাৰ শিৱ মূৰ্তি!

নিউজনেষ্ট ০৮ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ নলবাৰীৰ শ্ৰী শ্ৰী বাবা দুধনাথ বিগ্ৰহ খাৰঝাৰা আশ্ৰমৰ সমীপত নিৰ্মান হৈছে সু উচ্চ শিৱ মূৰ্তি।ইয়াৰ উচ্ছতা ৯১ ফুট।বিশ্বৰ ষষ্ঠ তথা অসমৰ সৰ্বোচ্চ ওখ এই শিৱ মূৰ্তি । নলবাৰীৰ মহালক্ষ্মী সঞ্চয় আৰু ঋণ দান সমবায় সমিতিৰ উদ্যোগত ইয়াৰ শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ খাৰঝাৰা আশ্ৰমৰ সমীপৰ শ্মশান ভূমিত নিৰ্মাণ কৰা হৈছে সুউচ্চ মহাদেৱৰ মূৰ্তি। ইয়াৰ উচ্ছতা ৯১ ফুট।জানিব পৰা মতে বিশ্বৰ ষষ্ঠ তথা অসমৰ সৰ্বোচ্চ এই শিৱ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা আৰু উন্মোচন কৰা হব অহা ১৮ ফেব্ৰুৱাৰীৰ মহা শিৱৰাত্রীর দিনা। চিমেণ্ট আৰু শিলেৰে এই সু উচ্চ শিৱ মূৰ্তি নিৰ্মান কৰিছে খনিকৰ প্ৰদীপ পালে।এই সু উচ্চ শিৱ মূৰ্তি উন্মোচন হোৱাৰ পিছতে ৰাজ্যখনৰ পৰা হেজাৰ ভক্ত, দৰ্শনাৰ্থীৰ সমাগম ঘটাৰ আশা আছে।।

এনেধৰণৰ আন বাতৰিসমূহ