নলবাৰীত শ্ৰীশ্ৰী বাসন্তী পূজাৰ মহাৰজত জয়ন্তী সমাৰোহত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা।

নিউজনেষ্ট ৩১ মাৰ্চ ২০২৩ : নলবাৰীৰ বগুৰিহাটী বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজাৰ মহাৰজত জয়ন্তী সমাৰোহত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। দেৱীৰ সন্মূখত পূজা-অৰ্চনা আগবঢ়াই জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷ বাসন্তী মন্দিৰলৈ মুখ্যমন্ত্ৰীৰ ৫০ লাখ টকাৰ অনুদান ঘোষণা ৷ নিকটবৰ্ত্তী শিৱ মন্দিৰলৈও ১০ লাখ টকাৰ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ অৰুণোদয় আঁচনিত নতুনকৈ অন্তৰ্ভূক্ত কৰা হ’ব সাত লাখ হিতাধিকাৰী ৷ জনসভাত মহিলাসকলক উদ্দ্যেশ্যে এই ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ আনহাতে, পৰিয়াল পৰিচয়পত্ৰ দেখুৱালেই দুখীয়া লোকে পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাসেৱা লাভ কৰিব বুলিও তেওঁ ঘোষণা কৰে ৷আত্মসহায়ক গোটসমূহলৈ আগবঢ়োৱা হ’ব ব্যক্তিগত আৰ্থিক সাহায্য ৷ উল্লেখ্য যে বগুৰিহাটীৰ বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজাৰ মহাৰজত জয়ন্তী উৎসৱৰ আজি মহা দশমী পুজা ৷ বগুৰিহাটী বাৰোৱাৰী শ্ৰী শ্ৰী বাসন্তী পূজাৰ এইবেলি ৭৫ বৰ্ষ পূৰ্তি উপলক্ষে “ মহাজৰত জয়ন্তী ” ৰ অহা ২৬ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ ছয় দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই ধৰ্মীয় উৎসৱ সম্পন্ন কৰা হয় । আজি বগুৰিহাটী বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা স্থলীত উপস্থিত হৈ আশীষ গ্ৰহণ কৰিলে মূখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রী গৰাকীক সংগ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্ল বৰুৱাই।

এনেধৰণৰ আন বাতৰিসমূহ