নলবাৰীৰ চেংনৈ গাৱঁত উদ্ধাৰ বহু মাৰনাস্ত্ৰ সহ বিষ্ফোৰক সামগ্ৰী!

নিউজনেষ্ট ৪ ফ্ৰেব্ৰুৱাৰী ২০২৩,শংকৰ দাস,নলবাৰী: নলবাৰীৰ সদৰ থানাৰ অন্তৰ্গত চেংনৈ গাৱঁত আজি উদ্ধাৰ কৰা হয় বহু মাৰনাস্ত্ৰ সহ বিষ্ফোৰক জাত সামগ্ৰী । সেনাৰ গোপন তথ্যৰ ভিওিত আজি দুপৰীয়া নলবাৰী আৰক্ষী আৰু চিআৰপিএফৰ যৌথ প্ৰচেষ্টাত চেংনৈ গাৱঁৰ এখন হাবিৰ মাজত পুতি থোৱা অবস্থাত উদ্ধাৰ কৰা হয় মাৰনাস্ত্ৰ সহ পিস্তলৰ লগতে বিস্ফোৰক সামগ্ৰী । উদ্ধাৰ কৰা মাৰনাস্ত্ৰ সমুহৰ ভিতৰত আছে সাতটা মেগজিন, ৬ টা পিষ্টল,ডিটেনেতৰ আদিকে ধৰি ৬০০ গ্ৰাম বিষ্ফোৰকৰ লগতে ৰাইফল আৰু পিষ্টলৰ ১০৭ জাই সজিব গুলিৰসহ বহু আপত্তি জনক সামগ্ৰী ।

এনেধৰণৰ আন বাতৰিসমূহ