নলবাৰী কৈঠালকুছিত“সুনাগ”ৰ ৰূপালী জয়ন্তী আৰু নৱম বাৰ্ষিক পথাৰ নাটমেলা আৰম্ভ

নিউজনেষ্ট,২৪ ফেৱ্ৰুৱাৰী ২০২৩,শংকৰ দাস,নলবাৰী: অসমৰ অন্যতম অপেচাদাৰী নাট্য সংগঠন নলবাৰী জিলাৰ সূৰ্যোদয় নাট্যগোষ্ঠী চমুকৈ সুনাগৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি ৰূপালী জয়ন্তী আৰু পথাৰ নাটমেলা-২০২৩ বৃহস্পতিবাৰৰপৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় । মানৱ কুলৰ মাতৃস্বৰূপা পথাৰত সম্পূৰ্ণ দিনৰ পোহৰত থলুৱা আৰু কৃষিজাত সামগ্ৰীৰে পথাৰ নাটমেলা-২০২৩ বৃহস্পতি বাৰৰ পৰা বৰ্ণাঢ্য চাৰিদিনীয়া কাৰ্য্যসূচীৰে কৈঠালকুছিৰ বাসন্তী মন্দিৰৰ সমীপৰ মিশ্ৰপাৰা-কানাইতোলা সংযোগী পথাৰত নিপন গোস্বামী সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে ৷ সুনাগৰ ৰূপালী জয়ন্তী আৰু নৱম বাৰ্ষিক পথাৰ নাট মেলাৰ বৃহস্পতি বাৰে পুৱা পৰিৱেশ নিকাকৰণেৰে কাৰ্য্যসূচীৰ পাতনি মেলাৰ পিছত প্ৰয়াত অনিমা দেৱী সোঁৱৰণী আয়তী নামৰ বন্তি প্ৰজ্বলন কৰে পৰিয়াল বৰ্গই ৷ ইয়াৰ পাছত নিপন গোস্বামী সোঁৱৰণী ক্ষেত্ৰ উন্মোচন কৰে পথাৰ নাট মেলাৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট সাংস্কৃতিক সংগঠক বিভূ দত্তই ৷ কামিনী মোহন মিশ্ৰ সোঁৱৰনী সভাগৃহ মুকলিৰ পিছত প্ৰাণেশ্বৰ শৰ্মা সোঁৱৰণী প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটন কৰে ধৰ্মপুৰ বিকাশ মঞ্চৰ সভাপতি জ্যোতিৰ্ময় শৰ্মাই ৷ ২৫ গৰাকী প্ৰয়াত নাট্যকৰ্মীৰ সোঁৱৰণত স্মৃতি তৰ্পণ কৰাৰ পিছত আবেলি খগেন্দ্ৰ নাথ মিশ্ৰ সোঁৱৰণী নাট্য আবেলিত নিপন গোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পিছত মুকুল ঈদিপাছে আদৰণি ভাষন প্ৰদান কৰে ।ইয়াৰ পিছতে নৱজ্যোতি পাঠকৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “আমাৰ পথাৰ” উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অবসৰী অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতীয়ে । বৃহস্পতি বাৰে নাটক মঞ্চস্থ কৰে বৰপেটাৰ হেৰিটেজ ফাউণ্ডেশ্যনৰ ” হনুমান সাগৰ বান্ধা চাউ” আৰু জেংৰাই -অসমৰ ব্ৰেইনলেচ হেড । চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা পথাৰ নাট মেলাৰ দেওবাৰে সামৰণি পৰিব।

এনেধৰণৰ আন বাতৰিসমূহ