নলবাৰী গৰ্ডনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ গণ অৱস্থান ধৰ্মঘট !

নিউজনেষ্ট,১৭জুলাই,শংকৰ দাস,নলবাৰী : নলবাৰী চহৰৰ গৰ্ডন চ’কত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় । ৰাজ্যৰ চৰকাৰৰ শিক্ষা নীতিৰ ওপৰত বিৰোধীতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়,শিক্ষা বিভাগ হায় হায়,মুখ্যমন্ত্ৰী হায় হায়,দিল্লী দিচপুৰ হুচিয়াৰ আদি প্ৰতিবাদী শ্লগানেৰে চহৰৰ পৰিবেশ উত্তাল কৰি তোলে । আনহাতে প্ৰতিবাদস্থলীৰ পৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে ৰাজ্য চৰকাৰক তৃতীয়মান শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান দিয়াৰ সিদ্ধান্ত বাতিল কৰক,প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীয়ে প্ৰতি শিক্ষকৰ ব্যৱস্থা কৰক, ৰাজ্যৰ প্ৰতি পাঁচ কিলোমিটাৰত বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰক, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত প্ৰাথমিক বিদ্যালয় সমূহক মাতৃভাষাৰ মাধ্যমত ব্যৱস্থা কৰিবলৈ দাবী জনাই ।

এনেধৰণৰ আন বাতৰিসমূহ