নলবাৰী জিলাৰ এখন ঐতিহাসিক থান!

নিউজনেষ্ট,১২ মাৰ্চ ২০২৩,নিউজডেস্কঃ নলবাৰী জিলাৰ এখন ঐতিহাসিক থান।

নাম শ্ৰীশ্ৰী বিষহৰি থান।

নলবাৰী চহৰৰ নিচে ওচৰৰ দীঘেলী ভক্ততোলা চুবুৰীত অৱস্থিত এই ঐতিহাসিক থান খন।

পদুমী কুৱৰীৰ দিনত স্থাপন হোৱা উক্ত থান খনত প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে শ্ৰীশ্ৰী বিষহৰি পূজা।

এইবেলিও ১১ মাৰ্চৰ পৰা ১৩ মাৰ্চলৈ তিনিদিনীয়া মাংগলিক আৰু সাংস্কৃতিক অনুষ্ঠানৰে অনুষ্ঠিত কৰিছে।

ধৰ্মধ্বজা উত্তোলনৰে শুভাৰম্ভ হয় আজি দ্বিতীয়টো দিনৰ পূজাৰ কাৰ্য্যসূচীৰ।

ইফালে দিনৰ ভাগত বলি বিধান, পূস্পাঞ্জলী প্ৰদানৰ পিছত ভোগগ্ৰহণ কৰিব হাজাৰ হাজাৰ ভক্তই।

উল্লেখযোগ্য যে নলবাৰীৰ এই ঐতিহাসিক থান খনৰ শ্ৰীশ্ৰী বিষহৰি পূজাৰ আগমনৰ লগে লগে সকলো ভক্তপ্ৰাণ ৰাইজ বলি বিধাধৰ বাবে মানস কৰা সামগ্ৰী সমুহ দিবলৈ উৎগ্ৰীপ হৈ থকা পৰিলক্ষিত হয়।

বলি বিধানৰ সামগ্ৰী সমুহ কেনেকৈ মা বিষহৰিৰ ওচৰত আগবঢ়াব বা মা বিষহৰিয়ে কিবা দায় দোখ ধৰিব নেকি ইয়াক লৈও কম্পমান হৈ থাকে ভক্তপ্ৰাণ ৰাইজ।

কাৰণ অস্পৃশ্য হোৱা বলি বিধানৰ সামগ্ৰী বলি নোহোৱাৰো এক প্ৰবাদ আছে।

মূঠৰ ওপৰত দিন যোৱাৰ লগে লগে ঐতিহাসিক মাহাত্ম্য থান খনত ৰাইজৰ বিপুল উপস্থিতি তথা সহায় সহযোগ দেখিবলৈ পোৱা গৈছে।

চৰকাৰী সাহাৰ্য্য নাপালেও ৰাইজৰ অনুদানৰে থান খন অধিক উন্নয়ন মুখি যাত্ৰা লৈ গতি কৰিছে।

অহাকালি অৰ্থাৎ সোমবাৰে শ্ৰীশ্ৰী বিষহৰি পূজাৰ অন্তিম তথা শেষ দিন।

অন্তিম দিনৰ পূজাৰ কাৰ্য্যসূচীৰ সফল সমাপ্তিৰ অন্তত সন্ধিয়া মনস্থ হব এখন পূৰ্ণাংগ নাট।

নাম ‘দেউতা।’

পৰিক্ষীত হালৈৰ ৰচনা আৰু প্ৰণৱ বুজৰবৰুৱাৰ পৰিচালনাত দেউতাত অভিনয় কৰিব স্থানীয় শিল্পী সকলে।

উল্লেখযোগ্য যে বছৰে থান খনৰ শ্ৰীশ্ৰী বিষহৰি পূজাত স্থানীয় শিল্পী সকলৰ একক প্ৰচেষ্টাত মনন্থ হৈ আহিছে পূৰ্ণাংগ নাট।

পূজাৰ সকলো কাৰ্য্যসূচীতে ৰাইজৰ উপস্থিতি তথা সহায় সহযোগ উদ্যোক্তা সকলে কামনা কৰিছে।

 

এনেধৰণৰ আন বাতৰিসমূহ