নলবাৰী ঢেকীয়াবাৰীত শ্ৰীশ্ৰীশীতলা পূজা উদযাপন।

নিউজনেষ্ট, ১৮ মাৰ্চ ২০২৩, নিউজডেস্কঃ প্ৰতি বছৰৰ দৰে এইবেলিও নলবাৰী জিলাৰ ঢেকীয়াবাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰিছে শ্ৰীশ্ৰীশীতলা পূজা। ৬৮ তম বাৰ্ষিক শীতলা পূজাৰ শনিবাৰে দ্বিতীয়টো দিন।

দ্বিতীয় দিনত পৰিৱেশ প্ৰস্তুতিৰ পিছতে আৰম্ভ হয় পূজা।

ইপিনে জলাৰোহণ আৰু ঢুলীয়াবাদন শীৰ্ষক কাৰ্য্যসূচী আছিল শ্ৰীশ্ৰীশীতলা পূজাৰ মূল অনুষ্ঠান।

উক্ত অনুষ্ঠানত সম্পূৰ্ণ এক মাংগলিক দৃশ্যৰ সাক্ষী হয় উপস্থিত সকলো ভক্তপ্ৰাণ ৰাইজ।

আয়তীৰ উৰুলিয়ে শ্ৰীশ্ৰীশীতলা পূজাৰ মাংগলিক পৰিবেশটো অধিক আকৰ্ষণীয় কৰি তোলে।

ঢেকীয়াবাৰীৰ শ্ৰীশ্ৰীশিৱ মন্দিৰ উন্নয়ন সমিতিৰ সৌজন্যত শ্ৰীশ্ৰীশিৱ মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত শ্ৰীশ্ৰী শীতলা পূজা সম্পূৰ্ণ শৃংখলাবদ্ধ এক পৰিবেশৰ মাজেৰে অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে এটা সময়ত বসন্ত আই সমগ্ৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছিল।

অকালমৃত্যুক সাৱতিছিল বহুতে।

বসন্তৰ পৰা পৰিত্ৰাণ পাবলৈ কোনোবা এজন পুৰোহিতৰ নিৰ্দেশ মৰ্মে উক্ত অঞ্চলত অনুষ্ঠিত কৰিছিল শ্ৰীশ্ৰী শীতলাপূজা।

তাৎপৰ্যপূৰ্ণ যে শীতলা পূজা আৰম্ভ হোৱাৰ পিছতে উক্ত অঞ্চলৰ ৰাইজ বসন্তৰ পৰা পৰিত্ৰাণ পাই।

এক শান্তিৰ পৰিবেশ ঘুৰি আহে।

আৰু তেতিয়াৰ পৰা ঢেকীয়াবাৰীত অনুষ্ঠিত হৈ আহিছে শ্ৰীশ্ৰীশীতলা পূজা।

অহাকালি অৰ্থাৎ ৰবিবাৰে সামৰণি পৰিব শীতলা পূজা।

ৰাতিপুৱা বিষ্ণু হোমযজ্ঞৰে শুভাৰম্ভ হব।

উক্ত দিনটোত বিভিন্ন মাংগলিক আৰু সামাজিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে নিশা স্থানীয় আৰু আমন্ত্ৰিত শিল্পী সকলৰ দ্বাৰা অভিনীত এখন পূৰ্ণাংগ নাট প্ৰদৰ্শন কৰিব।

পূজাৰ সমুহ কাৰ্য্যসূচীতে ৰাইজৰ সহায় সহযোগ উদ্যোক্তা সকলে কামনা কৰিছে।

 

এনেধৰণৰ আন বাতৰিসমূহ