নলবাৰী বালিতাৰাত গৰু চোৰক আটক!

নিউজনেষ্ট,১১ মাৰ্চ ২০২৩,নিউজডেস্কঃ নলবাৰী বালিতাৰাত গৰু চোৰক আটক।

শনিবাৰে গৰু চোৰ চন্দন বৈশ্যক ৰাইজে আটক কৰি গতালে আৰক্ষী চকীক৷

পূৱ বালিতাৰত খেতি পথাৰত শনিবাৰে ৰাইজে ধৰিলে চোৰটোক৷

দিন দুপৰতে পথাৰৰ পৰা চুৰি কৰিছিল এটি গাইগৰু৷

তিনি নং বালিতাৰা গাওঁৰ গুনেশ্বৰ কলিতাৰ নামৰ লোক জনে খেতি পথাৰত এৰাল দি থোৱা গৰু চন্দন বৈশ্য নামৰ গৰু চোৰ জনে চোৰ কৰি বিক্ৰী কৰিছিল।

ধমধমা আৰক্ষী চকীয়ে ঘটনাস্থলীলৈ গৈ গৰুচোৰ চন্দন বৈশ্যক আটক কৰে৷

উল্লেখ্য যে, ধমধমা , বালিতাৰাৰ অঞ্চলত গৰু-ছাগলী গৰু চোৰৰ দৰে ঘটনা সঘনাই সংঘটিত হৈ আহিছে।

এনেধৰণৰ আন বাতৰিসমূহ