নিলাম হল ঐতিহাসিক নলবাৰীৰ বালিলেছা কালী সাগৰ পুখুৰী!

নিউজনেষ্ট,১০ মাৰ্চ ২০২৩, নিউজডেস্কঃ  অসমৰ অন্যতম শক্তিপীঠ শ্ৰীশ্ৰীকালী দেৱালয় নলবাৰীৰ বালিলেছাৰ গাতে লাগি আছে বিশাল ৩২ বিঘা মাটিকালিৰে আৱৰা কালী সাগৰ পুখুৰী।

দশম শতিকাত প্ৰতিষ্ঠিত কালী দেৱালয় খনৰ উন্নয়নৰ প্ৰধান উৎস হৈছে কালী সাগৰ পুখুৰী।

প্ৰতি তিনি বছৰৰ মুৰত কালী সাগৰ পুখুৰী নিলাম হয়।

নিলাম কৰি মাছৰ নামত পোৱা টকা মন্দিৰ উন্নয়নত ব্যৱহৃত হয়।

এইবাৰ ঐতিহাসিক তথা আদৰ্শ গাঁও বালিলেছাৰ স্থানীয় কেইজন মান উদ্যমী যুৱকে ৪ লাখ ৬৩ হাজাৰ টকাত নিলামত লয় পুখুৰীটো।

উল্লেখযোগ্য যে উদ্যমী যুৱক সকলে মাছ মাৰাৰ প্ৰাকমুহুৰ্তত কালী গোসাঁনীৰ ওচৰত ভোগ আগবঢ়াই বৰষি বোৱাৰ এক প্ৰতিযোগিতা মূলক ব্যৱস্থা কৰিছে।

এটি নৃন্যতম মূল্যত বৰষিৰ প্ৰতি ধাউতি থকা সকলে বালিলেছা কালী সাগৰ পুখুৰীত বৰষি বুবা পাৰিব।

অহা ২৫ আৰু ২৬ মাৰ্চ অৰ্থাৎ শনিবাৰ আৰু ৰবিবাৰে বৰষি বোৱাৰ ব্যাৱস্থা কৰিছে ।

বালিলেছা চকত থকা দাস ষ্টোৰ অথবা কালী দেৱালয়ত আহি সুহৃদ ব্যক্তি সকলে বৰষি বোৱাৰ বাবে যোগাযোগ কৰিব পাৰে।

উল্লেখযোগ্য যে এইবেলি বালিলেছা কালী সাগৰ পুখুৰীৰ মাছ অইন বছৰৰ তুলনাত অধিক দাঙৰ হৈছে।

ৰৌ,ভোকোৱা,কমনকাৰ্ভ মাছ ১০ কেজিৰ পৰা ১৫ কেজি পৰ্যন্ত হৈছে।

বাকী আনুসংগিক আন আন মাছ বোৰো ভবাতকৈ বহুগুণে দাঙৰ হৈছে বুলি মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা জনা গৈছে।

তাৎপৰ্যপূৰ্ণ যে বালিলেছা কালী সাগৰ পুখুৰীৰ মাছ চাবলৈ সমগ্ৰ নলবাৰী জিলাৰ পৰা ৰাইজ আহি প্ৰত্যক্ষ কৰে।

এইবেলিও জিলাখনৰ ৰাইজৰ বিপুল উপস্থিতি নিলামত লোৱা উদ্যোক্তা সকলে কামনা কৰিছে।

এনেধৰণৰ আন বাতৰিসমূহ