পশুপালন মন্ত্ৰীৰ গৃহ সমষ্টিতেই “ফ্লপ শ্ব’ত” পৰিণত হাজাৰ কোটিটকীয়া আঁচনি।

নিউজনেষ্ট,২১ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ খোদ পশুপালন মন্ত্ৰীৰ গৃহ সমষ্টিতেই ফ্লপ শ্ব’ত পৰিণত কেন্দ্ৰীয় চৰকাৰৰ কোটিটকীয়া আঁচনি।

◆◆২০২০-২১ বৰ্ষতে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি মুকলি কৰা National Animal Disease Control Programme চমুকৈ NADCP নামৰ এই আঁচনিখনৰ দ্বাৰা মুঠেও উপকৃত নহ’ল ৰাজ্যৰ পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতৰ পশুপালক সকল।

উল্লেখযোগ্য যে ঘৰচীয়া পশুৰ ক্ষেত্ৰত দেখা দিয়া মাৰাত্মক আৰু সংক্ৰামক ৰোগ সমুহ সমুলঞ্চে নিৰাময়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ উক্ত অভিলাষী আচনিঁৰ জৰিয়তে।

ইফালে সমগ্ৰ ভাৰতবৰ্ষতে এই মাৰাত্মক আৰু সংক্ৰামক ৰোগ নিৰ্মুলৰ ক্ষেত্ৰত ২০৩০ চনক সময়সীমা হিচাপে লৈ দেশৰ ৫০০ মিলিয়ন পশুধনক এই আঁচনিৰ অধীনত টিকাকৰণ কৰাৰ লগতে প্ৰতি বছৰে সংক্ৰামক ব্যাধিৰ লগত যুঁজ কৰা ৩৬ মিলিয়ন মাইকী পশুধনক টিকাকৰণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছিল আঁচনিৰ জৰিয়তে।

ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিদ্ধাৰণ কৰা বাজেটৰ পৰিমাণ আছিল ১৩,৩৪৩ কোটি টকাৰ এক বিশাল ধনৰাশি।

কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই বিশাল অভিলাষী আঁচনি ৰূপায়ণ হোৱাৰ পাছতো বোকাখাত বিধান সভা সমষ্টিত যথেষ্ট সংখ্যক পশুপালকেই উপকৃত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে বোকাখাত বিধান সভা সমষ্টিৰ ভালেকেইটা পঞ্চায়ত এলেকাত পোহৰলৈ আহিছে আঁচনিখনে ঢুকি নোপোৱা এক হতাশজনক ছবিহে।

সমষ্টিটোৰ বহুকেইটা অঞ্চলত গৰুৰ কাণত ear tag স্থাপন কৰা হ’ল যদিও সেইসমুহ গৰুক বৰ্তমানলৈকে প্ৰদান কৰা নহ’ল ভেকচিন। আনকি গ্ৰামাঞ্চলৰ বহুলোকে নাজানিলেই এই ear tag ৰ ৰহস্য।

উল্লেখযোগ্য যে, সমষ্টিটোৰ কিছু অঞ্চলত টিকাকৰণ নকৰাকৈয়ে ‘ear tag’ স্থাপন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ইফালে ২০২০ বৰ্ষৰ নবেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰালয়ৰ যুতীয়া সচিব উপমণ্যু বসুৰ স্বাক্ষৰ সম্বলিত তথা অসম চৰকাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰত ভেকচিন সমুহৰ মান সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰি অসমত সাময়িক ভাৱে ভেকচিন প্ৰদান বন্ধ কৰিবলৈ এক নিৰ্দেশ জাৰী কৰা হৈছিল।

অৱশ্যে পৰবৰ্তী সময়ত পুনৰ আন ভেকচিনৰ দ্বাৰা আঁচনি খন চলাই নিবলৈ কোৱা হৈছিল যদিও ইয়াৰ পিছতো ৰহস্যজনক ভাৱে উপকৃত নহ’ল মহকুমাটোৰ সাধাৰণ পশুপালক সকল,

ইফালে এই অভিলাষী আঁচনিখনৰ লাভালাভ সন্দৰ্ভত জানিব পৰাকৈ গ্ৰামাঞ্চল সমুহত হৰডিং, চপা মাধ্যম, দেৱাল লিখন, অথবা দৃশ্য-শ্ৰাব্য , লিফলেট, আদিৰ যোগেদি জনসচেতনতা বৃদ্ধিৰ উল্লেখ আছে যদিও বোকাখাত বিধান সভা সমষ্টিত বিগত সময়চোৱাত সংশ্লিষ্ট বিভাগে তেনে কোনো বিশেষ প্ৰচেষ্টা হাতত নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি খোদ পশুপালন মন্ত্ৰীৰ গৃহ সমষ্টিতেই চূড়ান্ত প্ৰহসনত পৰিণত হোৱা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰাৰ লগতে এয়া ৰাজহুৱা ধনৰ চৰম অপচয় হোৱাৰ অভিযোগ বোকাখাতৰ একাংশ সচেতন মহলৰ ।

এনেধৰণৰ আন বাতৰিসমূহ