পাকিস্তানী এজেন্ট! মৈৰাবাৰীত ৪৩৮খন সক্ৰিয় ছিম কাৰ্ডসহ এজনক গ্ৰেপ্তাৰ!

নিউজনেষ্ট,১৪ মাৰ্চ ২০২৩,নিউজডেস্কঃ পাকিস্তানী এজেন্ট গ্ৰেপ্তাৰৰ পিছত মৈৰাবাৰীত পুনৰ ৪৩৮খন সক্ৰিয় ছিম কাৰ্ডসহ গ্ৰেপ্তাৰ এজন।মৰিগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ কৰা হয় লোকজনক (One arrested with 438 active SIM cards in Moirabari )।

লোকজন মফিদুল ইছলাম আৰু ঘৰ মৈৰাবাৰীৰ লেংৰীবৰীত বুলি তথ্যত প্ৰকাশ। আৰক্ষীয়ে ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে মফিদুলক। সৰুচলাৰ পৰা বাহাৰুল নামৰ এজন পাকিস্তানী এজেন্টক ম’বাইলৰ ছিমকাৰ্ড যোগানৰ সন্দেহত গ্ৰেপ্তাৰৰ পিছত নিশা মফিদুলৰ কবলৰ পৰা ৪৩৮খন ছিমকাৰ্ড জব্দ কৰা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এনেধৰণৰ আন বাতৰিসমূহ