প্ৰকৃতাৰ্থত কিমানদুৰ বিকাশ হৈছে জালুকবাৰী সমষ্টিৰ?

নিউজনেষ্ট, ২৬ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ কোৱা হয় বিকাশৰ অন্যনাম জালুকবাৰী সমষ্টি । কিন্তু ,প্ৰকৃতাৰ্থত কিমানদুৰ বিকাশ হৈছে জালুকবাৰী সমষ্টিৰ । জনপ্ৰতিনিধি জনে ৰাইজৰ আশা আকাংক্ষাৰ প্ৰতিফলন ঘটাব পাৰিছেনে নিজ কামত । অসমৰ অন্যতম সমষ্টি জালুকবাৰী সমষ্টিত এতিয়াও এনে গাঁও আছে ,নেদেখিলে কল্পনাই কৰিব নোৱাৰিব আাপুনি । গুৱাহাটী পানবজাৰৰ পৰা নৈখন পাৰ হৈয়ে উত্তৰ গুৱাহাটী ৰংমহলত আছে বিহাৰীবস্তি নামৰ গাঁওখন । বিগত পঞ্চাশ বছৰে নৈৰ মাজত বসতি কৰা গাঁও খনত কুৰি ঘৰৰ পৰা মাত্ৰ ১৩ টা পৰিয়ালহে আছেগৈ । শিক্ষাৰ দৰে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছে বিহাৰী বস্তিৰ লোক সকল । নাই বিদ্যালয় ,চিকিৎসালয় তথা তথা চৰকাৰী সা-সুবিধা । কৃষিজীবি এই পৰিয়াল সমুহৰ কেবল আছে ভোটাধিকাৰ । ১৫ কিল’মিটাৰ খোজকাঢ়ি আমিন গাঁৱলৈ দুই এক শিক্ষাৰ্থী যায় বিদ্যালয়লৈ । নৈৰ পানী সেৱন কৰা আবাসী সকলৰ দুৰ্দশা নেদেখে জনপ্ৰতিনিধি, নেদেখে কামৰুপ জিলা প্ৰশাসনে । ভগাছিগা জুপুৰিত জীবন জীবিকাৰ সংগ্ৰাম কৰা এই সকল শ্ৰমজীবি ভাৰতীয় লোকৰ নাই কোনো আক্ষেপ । হা হুমুনিয়াহ কাঢ়িলেও যেন কোনেও নেদেখে । নিৰ্বাচন আহিলে কিন্তু। তাত বাতি কাঢ়ে নেতা ,পালিনেতায়।

এনেধৰণৰ আন বাতৰিসমূহ