প্ৰখৰ ৰ’দত পথাৰত ছিৰালফাট।

পানীৰ অভাৱত কৃষকৰ হাঁহাকাৰ।

নিউজনেষ্ট ৪জুন,২০২৩ : গোৰেশ্বৰত প্ৰখৰ ৰ’দত পথাৰত দিছে ছিৰালফাট। গোৰেশ্বৰত পানীৰ অভাৱত কৃষকৰ হাঁহাকাৰ।মাটি চহাই লৈ সিচিব পৰা নাই কঠিয়া। উৎকত গৰমে দহিছে ৰাজ্য। অসহনীয় গৰমত ৰাইজৰ একপ্ৰকাৰ হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।যোৱা কেইবাদিন ধৰি গ্ৰীষ্মপ্ৰবাহে জনসাধাৰণক জ্বলাকলা খুৱাই অহাৰ সময়তে প্ৰখৰ ৰ’দত পথাৰত পানী শুকাই ছিৰালফাট দিয়াত সময়মতে খেতি কৰিব নোৱাৰি কৃষকসকলে মুৰে কঁপালে হাত দিবলগীয়া হৈছে।কৃষি নিৰ্ভৰ ৰাজ্য অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ গোৰেশ্বৰৰ ভোগপুৰ,মৰমীচক,গাছবাৰী অঞ্চলত বৰ্তমান পৰ্যাপ্ত পানীৰ অভাৱত কৃষকসকলে নিজৰ কৃষিভূমিত কঠিয়া পাৰিব নোৱাৰাত চিন্তিত হৈ পৰিছে।খেতিৰ ভৰপক সময়ত পানীৰ অভাৱত চহা কৃষকে নিজৰ খেতিমাটিত বতৰৰ খেতিখিনি সময়মতে কৰিব নোৱাৰি এতিয়া বৰষুণলৈ বাটচাবলগীয়া হৈছে। ইফালে একাংশ খেতিয়কে ইতিমধ্যে কঠিয়া পাৰিছিল যদিও পানীৰ অভাৱত বাঢ়িব নোৱাৰাত সময়মতে কঠিয়া ৰুব পাৰিব নে নোৱাৰে তাকে লৈ চিন্তিত হৈ পৰিছে।

 

 

এনেধৰণৰ আন বাতৰিসমূহ